
গণ বাৰ্তা বিশেষ, ডিফু, ৬ মে’ : শেহতীয়াকৈ কোৰোনা মহামাৰীৰ আতংকই পুনৰ সমগ্ৰ দেশবাসীক সন্ত্ৰস্ত কৰি ৰখাৰ সময়তে ক’ভিড সংক্ৰমণৰ গইনা লৈ পুনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ ভূখণ্ডত নগাই অবৈধভাৱে গেট স্থাপন কৰাৰ ঘটনাই পুনৰ দুয়োখন ৰাজ্যৰ সীমান্ত এলেকাত উত্তেজনা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে কোনো অতিমাৰীৰ সুযোগ লৈয়ে একাংশ নগা দুষ্কৃতিকাৰীয়ে এনেদৰে কাৰ্বি আংলঙৰ ভূমিত গেট স্থাপন কৰাৰ ফলত গেটৰ সিপাৰে ৰৈ যোৱা জিলাখনৰ আৱাসীসকলে ভীষণ সমস্যাৰ সন্মুখীন হোৱাৰ লগতে এলেকাটোত এক নিৰাপত্তাহীন পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি কাৰ্বি আংলঙৰ ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তৰ ডিমাপুৰৰ দাঁতি-কাষৰীয়া কাৰ্বি আংলঙৰ চাংতাম টিলা নামৰ ঠাইত এগৰাকী নগা নেতৃস্থানীয় লোকৰ নেতৃত্বত স্থাপন কৰা হৈছে এখন গেট। মূলতঃ অসমৰ পৰা যাতে চুবুৰীয়া ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণ ঘটিব নোৱাৰে তাৰ বাবেই গেটখন স্থাপন কৰা বুলি কোৱা হৈছে যদিও কাৰ্বি আংলঙৰ ভূমিত স্থাপন হোৱা গেটখনৰ প্ৰসংগক কেন্দ্ৰ কৰি কাৰ্বি আংলঙত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। বিশেষকৈ ডিফু-লামডিং-হাফলং পথছোৱাত গেটখন স্থাপন কৰাৰ ফলত গেটখনৰ আনটো পাৰে থাকি যোৱা কাৰ্বি আংলঙৰ লোকসকলেই এতিয়া গেটখনৰ বাবে নিজ জিলাখনতে প্ৰৱেশ কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ ফলত স্থানীয় লোকসকলো সম্প্ৰতি যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সীমান্ত এলেকাত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে আজি কাৰ্বি ছাত্ৰ সন্থাৰ নেতা চিমিঅন ৰংফাৰ আৰু ডিমাচা ছাত্ৰ সন্থাৰ নেতা ধীৰাজ ডিফুছা সীমান্ত এলেকাত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। নগা ষ্টুডেন্ট ফেডাৰেচনৰ সৈতেও ছাত্ৰনেতা দুগৰাকী এই সন্দৰ্ভত আলোচনাত মিলিত হয় যদিও কোনো ফলপ্ৰসূ সমাধান উলিওৱাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে। দুয়োগৰাকী ছাত্ৰনেতাই ৰাজ্যত নতুনকৈ গঠন হোৱা চৰকাৰক অসম-নাগালেণ্ড সীমা সমস্যা সম্পৰ্কে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। লগতে দুেয়াখন ৰাজ্যৰ সীমামূৰীয়া কাৰ্বি আংলঙৰ ভূমিত স্থাপন কৰা গেটখনো শীঘ্ৰে উঠাই নিয়াৰ বাবে দাবী জনাইছে দুয়োটা ছাত্ৰ সংগঠনে।