Friday , September 25 2020
শেহতীয়া খবৰ

অসম নাগালেণ্ড সীমান্তৱৰ্তী সাপেখাতীৰ খেৰবাৰীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

গণ বাৰ্তা ,সাপেখাতী ,১৭ আগষ্ট : চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত খেৰবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নেফা আলিৰ কানু বাৰীত আজি সন্ধ্যা এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে প্ৰায় ৩৫ বছৰ উৰ্ধৰ মহিলা গৰাকীক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই কৰি থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । নীলা মেখেলা ,ব্লাউজ ৰঙা চাদৰ পৰিধান কৰা মৃত মহিলা গৰাকীক বাগিচাৰ পাত কঢ়িওৱা গাড়ীত অহা শ্ৰমিকে পথটোৰ কাষত কানু চাহ বাগিচাত পৰি থকা পত্যক্ষ কৰি সাপেখাতী আৰক্ষীক অৱগত কৰে ।আৰক্ষীয়ে তাৎক্ষণিক ভাৱেঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লেখা পৰলৈকে মৃত মহিলা গৰাকী প্ৰকৃত পৰিচয় পোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *