Home Popular অসম-বংগ সীমান্তৰ ছোটগুমাৰ বেলৰ চৰত আৰক্ষী আৰু বন বিভাগৰ অভিযান:অবৈধ কাঠকে ধৰি...

অসম-বংগ সীমান্তৰ ছোটগুমাৰ বেলৰ চৰত আৰক্ষী আৰু বন বিভাগৰ অভিযান:অবৈধ কাঠকে ধৰি কাঠ পৰা মেচিন জব্দ:

30
0

গণ বাৰ্তা, আগমনীত,২৯ এপ্ৰিল : অসম বংগ সীমান্তৰ ছোটগুমাৰ বেলৰ চৰত বন বিভাগ আৰু আৰক্ষীৰ বৃহৎ অভিযান । যৌথ অভিযানত আৰক্ষী আৰু বন বিভাগে জব্দ কৰে চেগুনকে ধৰি ১৮ টাকৈ মূল্যৱান কাঠৰ কুন্ডা ।অভিযানত আৰক্ষীয়ে জব্দ কৰে অবৈধ কাঠফলা মিল সহ ১৮ টাকৈ মূল্যবান কাঠৰ কুন্ডা । ছাগলীয়া বন বিভাগ আৰু ছোটগুমা আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । ছোটগুমাৰ বেলৰচৰত দীৰ্ঘ দিনৰ পৰাই অবৈধ কাঠফলাৰ মিল চলি আছিল বুলি জানিব পৰা গৈছে। আজি আৰক্ষী আৰু বন বিভাগৰ অভিযানত কোনো অবৈধ ব্যৱসায়িক আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী দলটোৱে। অসমৰ মূল্যবান কাঠ সমুহ অবৈধ কাঠ ফলা মেচিনত কাটি গংগাধৰ নদী পথেৰে বংগলৈ চালান কৰি ৰমৰমীয়া ব্যৱসায় চলাই আছিল ব্যৱসায়ী সকলে। সীমান্তবৰ্তী অঞ্চলটোত এই ব্যৱসায় নিয়মিত ৰূপেই চলি আছে যদিও আৰক্ষী আৰু বন বিভাগে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ ৰাইজৰ আৰু হঠাতে এনে অভিযানৰ ৰহস্য ৰাইজৰ বাবেও বৃহৎ অভিযানৰ দৰেই বৃহৎ সাথৰ হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here