Home উত্তৰ পূৰ্বাঞ্চল অৰুনাচলত চৰম নিৰাপত্তাহীনতাত ভূগিছে অসমৰ তেল টেংকাৰ চালকে; অসমৰ তেল টেংকাৰ চালকক...

অৰুনাচলত চৰম নিৰাপত্তাহীনতাত ভূগিছে অসমৰ তেল টেংকাৰ চালকে; অসমৰ তেল টেংকাৰ চালকক নিৰ্মম ভাবে অত্যাচাৰ অৰুনাচলীৰ

48
0

গণবাৰ্তা বিশেষ,ঢেকীয়াজুলি:২৪ফেব্ৰুৱাৰীঃ অৰুনাচলত চৰম নিৰাপত্তহীনতা ভূগিছে অসমৰ পৰা অৰুনাচললৈ তেল সৰৱৰাহ কৰা টেংকাৰ চালক সকলে৷যোৱা ২২ ফেব্ৰুৱাৰীত অৰুনাচলৰ চেপাৰ বানা নামৰ ঠাইত অসমৰ কাৰ্তিক তাঁতী নামৰ এগৰাকী তেল টেংকাৰ চালকক নিশাৰ ভাগত একাংশ অৰুনাচলী লোকে নিৰ্মম ভাবে অত্যাচাৰ কৰিছিল৷উল্লেখ্য যে শোণিতপুৰৰ মিছামাৰীস্থিতত আইঅচি ডিপোৰ পৰা অৰুনাচল প্ৰদেশলৈ পেট্ৰল,ডিজেল আৰু কেৰাচিন তেল যোগান ধৰি আহিছে ৷মিছামাৰী আইঅচি ডিপোৰ পৰা  নিতৌ প্ৰায় ৩০খন টেংকাৰ অৰুনাচলৈ তেল সৰৱৰাহ কৰি আহিছে৷কাৰ্তিক তাঁতী নামৰ টেংকাৰ চালক জনে চেপা জিলাৰ বানাত কেৰাচিন কঢ়িয়াই নি অহাৰ পিছত অসমলৈ উভতি অহাৰ পথত নিশাৰ ভাগত কেইজন মান অৰুনাচনী লোকে টেংকাৰ খন ৰখাই চালক জনক নিৰ্মম ভাবে অত্যাচাৰ কৰাতে ক্ষান্ত নাথাকি ধন আদিও কাঢ়ি লৈছিল৷ আহত চালক জনক অৰুনাচলত চিকিৎসা প্ৰদান কৰাৰ লগতে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে৷এই ঘটনাৰ পিছতেই মিছামাৰী আইঅচি ডিপোৰ পৰা অৰুনাচলৈ তেল কঢ়িওৱা টেংকাৰ চালক সকল অৰুনাচলত চৰম নিৰাপত্তাহীনতাত ভূগিছে৷অৰুনাচলত অসমৰ তেল টেংকাৰ চালকক কৰা অত্যাচাৰৰ প্ৰতিবাদত পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ মিছামাৰী শাখাই অনিদিষ্টকালীন কৰ্মবিৰতি কৰি অৰুনাচলৈ তেল কঢ়িওৱা বন্ধ কৰিছে৷মিছামাৰী আইঅচি ডিপোৰ পৰা অৰুনাচলৈ পেট্ৰল ,ডিজেল কেৰাচিন সৰৱৰাহ অনিদিষ্টকালিন বন্ধ কৰিছে পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ মিছামাৰী শাখাই৷এই প্ৰতিবাদৰ ফলত শ শ টেংকাৰ আবদ্ধ হৈ পৰিছে মিছামাৰী আইঅচি ডিপোত৷টেংকাৰ চালক সকলৰ অভিযোগ এই ঘটনাই প্ৰথম নহয় অৰুনাচলী লোক সকলে তেওঁলোকৰ প্ৰায়েই ভয় ভাবুকি অত্যাচাৰ কৰি আহিছে৷যেতিয়ালৈকে এই ক্ষেত্ৰত অসম আৰু অৰুনাচল প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহন নকৰে ৷ভূক্তভোগি পৰিয়ালক ন্যায় নিদিয়ে তেতিয়ালৈকে অৰুনাচললৈ পেট্ৰল ডিজেল,কেৰাচিন সৰৱৰাহ বন্ধ কৰাৰ হুংকাৰ দি অনিদিষ্টকালিন কৰ্মবিৰতি প্ৰতিবাদ আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here