শেহতীয়া খবৰ

অৰেঞ্জ জ’নৰ পৰা উন্নত হোৱা  ধুবুৰীত  আজিৰে পৰা  খুলিল সকলো দোকান                      

দৈনিক গণঅধিকাৰ, ধুবুৰীঃ অৰেঞ্জ জ’নৰ পৰা উন্নতি লাভ কৰা  ধুবুৰী  জিলাৰ জনসাধাৰণে  আজিৰে পৰা ঘুৰাই  পালে লকডাউনৰ  পূৰ্বৰ ছন্দ । বিগত  চৈধ্য দিনত  কোনা কৰোণা ৰোগীৰ  সংক্ৰমণ  নোহোৱাৰ ফলত জিলা প্ৰশাসনৰ পৰা জাৰি কৰা হৈছে  এক বিশেষ নিৰ্দেশ। জিলা উপায়ুক্ত  অনন্ত লাল  জ্ঞানীয়ে  এক নিৰ্দেশ যোগে সকাহ দিয়াত  আজিৰে পৰা ৰোটেশ্বন অনুযায়ী খোলা আৰম্ভ হ’ল  ধুবুৰী  জিলাৰ  সকলো দোকান পাহাৰ।
আনহাতে  জুৱেলাৰী , ৰেডিমেট কাপোৰৰ  দোকান , শাৰীৰ দোকান , অট’গেৰেজ ,ষ্টেচনাৰী , ফাৰ্নিচাৰ , টেইল’ৰিঙৰ দোকান খুলি দিয়া হৈছে  মংগলবাৰ ,  বৃহস্পতিবাৰ  আৰু শনিবাৰে।  উল্লেখযোগ্য  যে  দুইসপ্তাহ পূৰ্বে  ৰাজ্যিক  কেবিনেটত  লোৱা সিদ্ধান্ত  মতে  বিগত ১৪ দিনত  কোনো ধৰণৰ  ক্ৰমণৰ বাতৰি  নোলোৱা গ্ৰাম্য  এলেকাত (সেউজীয়া আৰু  অ’ৰেঞ্জ জ’নত )  অনা-অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান  খুলিব পাৰিব  বুলি জনাইছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। উল্লেখ্য যে, ধুবুৰী জিলাত পাঁচ জনকৈ লোক ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত বৰ্তমানে উক্ত পাঁচজন লোকেই সুস্থ হৈ উঠাত জিলা খনত ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা শূণ্য হৈছে |

Leave a Reply

Your email address will not be published. Required fields are marked *