Friday , September 25 2020
শেহতীয়া খবৰ

অৰ্ণদা ফাউণ্ডেচৰ  সহযোগত খাদ্য প্ৰস্তুতকৰণ  কৰ্মশালা

গণ বার্তা , আমগুৰি,  ১২ ছেপ্টেম্বৰ :  যোৰহাট জিলাৰ হাঁহচৰা বামুনপুখুৰীস্থিত  শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি বিয়লি এক খাদ্য প্ৰস্তুত কৰণৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। যোৰহাট জিলাৰ সেৱা ভাৰতী আৰু বামুনপুখুৰীৰ জ্ঞান মালিনী গ্ৰাম্য সংগঠনৰ সহযোগত অৰ্ণদা ফাউণ্ডেচনৰ আৰ্থিক সাহাৰ্য্যৰে হব লগা কৰ্মশালা খনৰ উদ্ধোধনী অনুষ্ঠানত সেৱা ভাৰতীৰ অবিনাশ হাজৰিকা,ট্ৰিদীপ বৰদলৈ, ৰমেন হাজৰিকা, কমল শইকীয়া অৰ্ণদা ফাউণ্ডেচনৰ হৈ বিশিষ্ট চিকিৎসক যদুনাথ বুঢ়াগোহাঁই, স্ত্ৰী ৰোগ বিশেষজ্ঞ  জোনমণি বুঢ়াগোহাঁই আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে অঞ্চলতোৰ প্ৰায় ৮০ গৰাকী মহিলাই অংশগ্ৰহণ কৰিব লগা কৰ্মশালাখনত বহু কেইজন সমল ব্যক্তিয়ে দহ দিন ধৰি নিৰ্দিষ্ট বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব। স্থানীয় ৰাইজে মহিলা সাৱলী কৰণৰ বাবে অৰ্ণদা ফাউণ্ডেচনে আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাত সন্তোষ প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *