Sunday , September 20 2020
শেহতীয়া খবৰ

অৱশেষত  ব্ৰহ্মপুত্ৰত জাহ গল জলেশ্বৰৰ চিলাৰভিটাৰ মথাউৰি

মন্ত্ৰী কেশব মহন্তৰ ৰিংবান্ধৰ ঘোষণা  অসাৰ:  সমষ্টিত হুৰহুৰাই  সোমাইছে পানী

 চিলাৰভিটাত  নিৰ্মাণ  নহয় ৰিংবান্ধ

মতিউৰ ৰহমান, লক্ষীপুৰ, ৬ জুলাই ঃ গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাৰ মথাউৰিটো  অৱশেষত আজি পুৱা ব্ৰহ্মপুত্ৰত জাহ গ’ল। মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰাৰ দৰে চিলাৰভিটাত আৰু নহয় ৰিংবান্ধ। অৱশেষত আজি পুৱা ৫ মান বজাত জলেশ্বৰ সমষ্টিৰ চিলাৰভিটাত থকা প্ৰায় আধা কি:মি: দৈৰ্ঘ্যৰ মথাউৰি তীব্ৰ বেগেৰে যোৱা ব্ৰহ্মপুত্ৰৰ পানী মথাউৰিটো খহাই নিয়ে। ফলত  জলেশ্বৰ সমষ্টিৰ ৰাজমিতা, তাৰাংগাপুৰ, টাকিমাৰী, কাঠুৰি, ধুমেৰঘাট, খলিচাভিটা আদি অঞ্চললৈ ব্ৰহ্মপুত্ৰৰ পানী সোমাই গৈ প্ল­াৱিত কৰিছে বিস্তৃত অঞ্চল। এমাহ পূৰ্বে স্থানীয় বিধায়ক সাহাবুদ্দিন আহমেদ  আৰু বিভাগীয় কৰ্তৃপক্ষই কাষতে এটা ৰিংবান্ধ নিৰ্মাণ কৰিব বুলি কৈছিল। কালি অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আধা ছিগা মথাউৰিটো পৰিদৰ্শনকালীন সময়ত মথাউৰিটো জাহ গ’লে পানীৰ মাজত ৰিংবান্ধ  দিয়া সম্ভৱ হ’ব নেকি বুলি সোধাত মন্ত্ৰী মহন্তই ব্ৰহ্মপুত্ৰ নৈত পানী কম আৰু এই পানী ভিতৰলৈ নোসোমায় বুলি কৈছিল । কিন্তু  আজি সেয়া সম্পূৰ্ণ  ভুল প্ৰতিপন্ন  হ’ল। আজি স্থানীয়  বিধায়ক সাহাবুদ্দিন আহমেদে ব্ৰহ্মপুত্ৰত জাহ যোৱা স্থান পৰিদৰ্শন কৰে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত স্থানীয় বিধায়ক সাহাবুদ্দিন আহমেদে কয় যে এমাহ পূৰ্বে যি আঁচনিৰ ধনেৰে ৰিংবান্ধ নিৰ্মাণ কৰা হ’ব বুলি কোৱা হৈছিল সেই ধন আছিল এম জি এনৰেগা আঁচনিৰ।

এতিয়া সেই ধনখিনি প্ৰশাসনে মথাউৰি  ৰক্ষাৰ কামত ব্যৱহাৰ কৰিছে  বুলি বিধায়কজনে গৰুৱে গছত উঠাৰ দৰে এক অদ্ভুত মন্তব্য আগবঢ়ায়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে চিলাৰভিটাৰ ভগা মথাউৰি পৰিদৰ্শন কৰি স্তম্ভিত হৈ পৰে। সভাপতি  দীপাংক নাথে চৰকাৰক তীব্ৰ  সমালোচনা কৰি  কয় যে চৰকাৰৰ চৰম গাফিলতিৰ বাবেই ব্ৰহ্মপুত্ৰত জাহ গ’ল এই মথাউৰি। চৰকাৰে পৰ্যাপ্ত সময় পোৱা সত্ত্বেও ৰিংবান্ধ নিৰ্মাণ কৰা নাই। যাৰ ফলত চৰম বিপৰ্যয়ৰ সন্মুখীন হ’ব লগা হৈছে জলেশ্বৰ সমষ্টিৰ ৰাইজ। ইয়াৰ ফল চৰকাৰে ভুগিব  লাগিব। সমাজকৰ্মী মীৰ নাছিৰ উদ্দিন আহমেদে মথাউৰি জাহ যোৱা  অঞ্চল পৰিদৰ্শন কৰি সকলো  ৰাইজক সজাগ হোৱাৰ আহ্বান জনায় আৰু বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আগবঢ়োৱাৰ বাবে চৰকাৰক দাবী জনায়। যুৱ সমাজকৰ্মী গোলাম বাবু কিব্ৰিয়াই ব্ৰহ্মপুত্ৰৰ ভগাস্থলী পৰিদৰ্শন কৰি স্থানীয়  সাংসদ বদৰউদ্দিন আজমল আৰু স্থানীয় বিধায়ক সাহাবুদ্দিন আহমেদৰ অকৰ্মণ্যতাক তীব্ৰ সমালোচনা কৰি  এওঁলোকৰ বাবেই জলেশ্বৰ সমষ্টিৰ ৰাইজে বানপানীত কক্বকাবলগীয়া  হৈছে বুলি অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে আজি কনিষ্ঠ  অভিযন্তা ধ্ৰুৱজ্যোতি নাথে কয় যে এতিয়া আৰু  পানীৰ মাজত সম্ভৱ নহয় ৰিংবান্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *