Monday , September 21 2020
শেহতীয়া খবৰ

অ-ক’ভিড ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ চূড়ান্ত অমনোযোগীতা প্ৰদৰ্শন : যোৰহাটত আছুৰ প্ৰতিবাদ 

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৭ আগষ্ট : কৰোণা মহামাৰীয়ে জীৱকুললৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ সময়তেই যোৰহাটত বৰ্দ্ধিত ক’ভিড ৰোগীক চিকিৎসাৰ দ্বাৰা এই মহামাৰী নিৰ্মূলৰ চেষ্টা অব্যাহত ৰাখিছে যোৰহাট স্বাস্থ্য বিভাগে । কিন্তু তাৰ মাজতেই অ-ক’ভিড ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ চূড়ান্ত অমনোযোগীতা প্ৰদৰ্শনেৰে বিনা চিকিৎসা প্ৰদানেৰে মৃত্যু মুখলৈ ঠেলি দিয়াৰ অভিযোগ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সততেই উত্থাপিত হৈ আহিছে আৰু যোৱা কেইটামান দিনৰ কিছু কাৰ্যকলাপে এই অভিযোগ সত্য বুলি প্ৰমাণিত কৰিছে আৰু তাৰ বিৰুদ্ধে  গৰজি উঠি আজি যোৰহাট জিলা  উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা,পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা ,উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু  বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিতভাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শতাধিক ছাত্ৰ কৰ্মীৰ উপস্থিতিত  আকাশ-বতাহ কঁপাই তোলা  প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বিজয় শংকৰ বৰদলৈয়ে কয় , কৰোণা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰা মানৱ সভ্যতাৰ এই জটিল সময়ত ৰাজ্যখনৰ সমূহ স্বাস্থ্যকৰ্মী,চিকিৎসক আৰু স্বাস্থ্যবিভাগৰ বিষয়াসকলে যিধৰণে জনসাধাৰণক সেৱা আগবঢ়াইছে তাৰকাৰণে আমি তেওঁলোকৰ ওচৰত আমি চিৰদিন ঋণী আৰু  চিৰকৃতজ্ঞ হৈ ৰ’ম । কিন্তু একেসময়তে একাংশ  অ-ক’ভিড ৰোগীয়ে বিনা চিকিৎসাৰে মৃত্যুক আঁকোৱালি ল’বলগীয়া হৈছে। কোনো কোনো ক্ষেত্ৰত জে এম চি এইচত অ-ক’ভিড ৰোগীয়ে নিজৰ অক্সিজেন মাস্ক ও নিজেই লগাই ল’বলগীয়া হোৱাৰ দৰে পৰিৱেশৰ উপক্ৰম হৈছে । জ্বলন্ত উদাহৰণ , যোৰহাটৰ বিশিষ্ট ক্ৰীড়া সংগঠক অচিন্ত্য বৈশ্য ডাঙৰীয়াৰ অকাল মৃত্যু । হৃদৰোগত আক্ৰান্ত হোৱা বৈশ্যদেৱ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছিল যদিও কেৱল ক’ভিড প্ৰট’কলৰ নামত কোনোধৰণৰ চিকিৎসা প্ৰদান নকৰি অৱহেলা কৰাৰ কৰুণ পৰিণতিত মাত্ৰ এটা ঘণ্টাৰ ভিতৰত বেঞ্চত বহি অক্সিজেন লৈ থকাৰ মুহূৰ্ত্বত তেওঁৰ মৃত্যু হয়। সামান্য কাঁহ আৰু পানী লগাত আক্ৰান্ত সমীৰ ফুকনক চিকিৎসকে ক’ভিড ৰিজাল্টৰ বাবে অপেক্ষা কৰি কোনো চিকিৎসা প্ৰদান নকৰাৰ বাবে অৱশেষত মধুমেহ আৰু উচ্চ ৰক্তচাপত অসুস্থ হৈ মৃত্যুবৰণ কৰাৰ ঘটনা , সামান্য জ্বৰত আক্ৰান্ত চিনামৰাৰ গৌৰৱ চাহানীৰ মৃত্যুৰ ঘটনা , বিনা চিকিৎসাই মৃত্যুবৰণ কৰা  ৰাৱৎমল ছোনী,  ইকবাল আহমেদ , মেঘনাথ মাহালী আদিৰ মৃত্যু স্বাস্থ্য বিভাগৰ চূড়ান্ত অমনোযোগীতাৰ ফল । সেয়েহে আমি আজি পাঁচখন আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ অ-ক’ভিড ৰোগীসকলক পৰ্যাপ্ত চিকিৎসাসেৱা প্ৰদানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নেৰে জিলা উপায়ুক্ত মহোদয়াৰ যোগেদি অসম  মুখ্যমন্ত্ৰীলৈ এখন  স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আনহাতে  বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য বিতোপন বৰাই কয়,যে আমাৰ স্পষ্ট দাবী – সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ক’ভিডত আক্ৰান্ত আৰু ক’ভিডত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ বাবে পৃথক পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰিব লাগে, সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰিব লাগে, সকলো চিকিৎসালয়তে অ-ক’ভিড ৰোগীসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভেন্টিলেশ্যন আৰু আই.চি.ইউ সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, হৃদৰোগত আক্রান্ত , জুইয়ে পুৰা , ষ্ট্ৰ’ক , দুৰ্ঘটনা আদিত আক্ৰান্তসকলৰ উপৰিও গুৰুতৰভাৱে অসুস্থ সকলক সকলো সময়তে চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে ৷ একেতা বিবৃতিতে বালিগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিত হাজৰিকা,উত্তৰ-পশ্চিম আঞ্চলিক যোৰহাট সন্থাৰ সভাপতি অসীম বৰবৰাই কয়,বৃদ্ধ আৰু শিশুসকলৰ উপযুক্ত আৰু তৎকালীন চিকিৎসা সুনিশ্চিত কৰিব লাগে , বিনা চিকিৎসাৰে মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হোৱা  অচিন্ত্য  বৈশ্য , সমীৰ ফুকন , গৌৰৱ চাহানী ,  ইকবাল আহমেদ , মেঘনাথ মাহালী , ৰাৱৎমল ছোনী আদিৰ মৃত্যুৰ এক উচ্চপৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিব লাগে । পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰক্তিম ৰঞ্জন বৰাই স্মাৰক পত্ৰ পাঠ কৰি কয়,অ-ক’ভিড ৰোগীসকলৰ প্ৰতিও স্বাস্থ্য বিভাগৰ দায়িত্ব আছে । সময় জটিল , সেই কথা আমি সকলোৱে উপলদ্ধি কৰিছোঁ কিন্তু কেৱল ক’ভিড ৰোগীসকলৰ চিকিৎসা সেৱাত জড়িত হৈ অ-ক’ভিডৰোগীসকলৰ জীৱনলৈ অনিশ্চয়তা কঢ়িয়াই আনি বিনা চিকিৎসা প্ৰদানেৰে মৃত্যু মুখলৈ ঠেলি দিয়াৰ ঘটনা আমি ছাত্ৰ সন্থাই কোনো কাৰণতে মানি নলও । প্ৰতিবাদস্থলীত উপস্থিত থাকি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুম মনি ভূঞা আৰু পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধূৰ্য্য দত্তই কয় , স্বাস্থ্য বিভাগে সকলো ৰোগীক উপযুক্ত চিকিৎসা সেৱা প্ৰদানেৰে ৰোগীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰক । বিগত দিনকেইটাৰ ঘটনাত আমি ছাত্ৰ সন্থাই আশ্চৰ্য প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে যাতে অ-ক’ভিড ৰোগীসকলে বিনা চিকিৎসাই মৃত্যুক সাৱটি ল’বলগীয়া নহয় সেই কথা লক্ষ্য ৰাখিবলৈ স্বাস্থ্য বিভাগক আমি আহ্বান জনাইছোঁ । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাঁচোখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক তথা বিষয়ববীয়া উপস্থিত থাকি স্বাস্থ্য বিভাগৰ এনে অমনোযোগীতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *