Home Main Stories আক্ৰমণৰ বলি হৈ অসমত আশ্ৰয় লোৱা লোকসকলৰ কাষত নৱ-নিৰ্বাচিত বিধায়ক ছোবাহান

আক্ৰমণৰ বলি হৈ অসমত আশ্ৰয় লোৱা লোকসকলৰ কাষত নৱ-নিৰ্বাচিত বিধায়ক ছোবাহান

23
0

গণ বাৰ্তা, তামাৰহাট, ৭ মে’ : অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক আক্ৰমণৰ বলি হৈ নিজ ৰাজ্য এৰি অসমৰ ভিন্ন ঠাইত আশ্ৰয় গ্ৰহণ কৰে। উল্লেখ্য যে বংগত মমতা বেনাৰ্জীৰ মমতাহীন তৃণমূলৰ কাৰ্যকৰ্তাৰ বাবে অসমত আশ্ৰয় লোৱা লোকসকলৰ শিবিৰত আজি বিজেপিৰ এটা দলে পৰিদৰ্শন কৰে। আজি বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাৰীৰ সহযোগত বিজেপি দলৰ এটা নেতৃত্বৰ দলে শ্ৰীৰামপুৰ আৰু তামাৰহাটত শিবিৰত থকা লোকৰ বুজ লয়।  আনহাতে ‘বংগত ৰাজনীতিৰ বলি হৈ অসমলৈ অহা বিজেপিৰ কৰ্মীসকল অসম চৰকাৰৰ আলহী, আলহীক আপ্যায়ন কৰাটো অসম চৰকাৰৰ দায়িত্ব’ বুলি মন্তব্য কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাৰীয়ে। লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ থকা-খোৱা, চিকিৎসা আদিৰ সু-ব্যৱস্থা কৰি দিয়াৰ বাবে ধুবুৰী জিলা প্ৰশাসন আৰু অসম চৰকাৰক দাবী জনায় বিটিচিৰ কাৰ্যবাহী সদস্যগৰাকীয়ে। ইপিনে ২৫ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ তামাৰহাটস্থিত তামাৰহাট ছোৱালী এম ই স্কুল আৰু শ্ৰীৰামপুৰত অৱস্থিত শিবিৰ দুটাত উপস্থিত হৈ ৰাজনৈতিক হিংসাৰ বলি হোৱা লোকসকলৰ খবৰ লোৱাৰ লগতে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি আলোচনাৰ মাধ্যমেৰে লোকসকলক নিজ ৰাজ্যলৈ পঠোৱাৰ বাবে আশ্বাস দিয়ে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here