Sunday , September 20 2020
শেহতীয়া খবৰ

আছু আৰু বন বিভাগৰ তৎপৰতাত জব্দ চোৰাং কাঠ ভৰ্তি বাহনঃমুৰফুলনী খণ্ড বন কাৰ্য্যালয় আৰু বগীজান থানাৰ সন্মুখেদি দিন দুপৰতে সৰবৰাহ হয় চোৰাং কাঠ

গণ বাৰ্তা, নুমলীগড় :   মুৰফুলনীত দিন দুপৰতে জব্দ চোৰাং কাঠ সৰবৰাহ কৰা বাহন ।মুৰফুলনী খণ্ড বন কাৰ্য্যালয়ৰৰ সন্মুখেদি দৈনিক পাৰ হয় নেকি চোৰাং কাঠ ।একাংশ লোকে আৰক্ষী আৰু বন বিভাগক মেনেজ কৰি গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোঙ বনাঞ্চল ধ্বংস কৰি চলাই গৈছে বন ধ্বংস যজ্ঞ ।আৰু দিন দুপৰতে এনেদৰে বুকু ফিন্দাই সৰবৰাহ কৰে চোৰাং কাঠ ।কিছুদিন পূৰ্বে বগীজানৰ ফালৰ পৰা গোলাঘাট অভিমুখে যোৱা এখন চোৰাং কাঠ ভৰ্ত্তি বাহন জব্দ কৰিছিল বন বিভাগে ।আৰু আজি পুনৰ এখন চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগ। জানিব পৰা মতে দিন দুপৰতে বগীজান আৰক্ষী থানা আৰু মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ সমীপেদি AS-05AC-0387 নম্বৰৰ চোৰাং কাঠ ভৰ্তি বাহন খন গোলাঘাট অভিমুখে গৈ আছিল ।ফলঙনি আছুৰ এজন কৰ্মকতাৰ সন্দেহ ওপজে বাহন খনৰ ওপৰত ।লগে বনবিভাগক খবৰ দিয়ে ।বন বিভাগে আছুৰ সহযোগত চোৰাং কাঠ ভৰ্তি বাহন খন ধৰিবলৈ সক্ষম হয় যদিও পূৰ্বৰ দৰেই বাহন খনৰ চালক জনে পলায়ন কৰিবলৈ সক্ষম হয় ।আনফালে চোৰাং কাঠ ব্যৱসায় তথা বন ধ্বংস যজ্ঞ বন্ধৰ ক্ষেত্ৰত ফলঙনি আঞ্চলিক ছাত্ৰ সন্থাই দীৰ্ঘদিনে মাত আহিছে ।যাৰ বাবে আজি চোৰাং কাঠ সৰবৰাহ কৰা বাহন খন ধৰি বন বিভাগক চমজাই দিয়াৰ সময়ত চোৰাং কাঠ ব্যৱসায়ৰ লগত জড়িত এটা পক্ষই গোলাঘাট বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সমীপত বন কৰ্মীৰ সন্মুখতে এজন আছু কৰ্মীক মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰে ।ৰাইজৰ প্রশ্ন দিন দুপৰতে বগীজান আৰক্ষী থানা ,বিজুলী বন কাৰ্যালয় ,মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ সমীপেদি কেনেদৰে পাৰ হয় চোৰাং কাঠ ভৰ্তি ট্ৰাক ।কাৰ ছত্রছায়াত চলিছে এই চোৰাং কাঠৰ ব্যৱসায় ।ৰাইজৰ সন্দেহ আৰক্ষী আৰু বন বিভাগৰ একাংশ অসাধু বিষয়া কৰ্মচাৰীৰ লগত গোপন ধনৰ লেনদেনৰ জৰিয়তে এনেদৰে চলিছে বন ধ্বংস যজ্ঞ ।ৰাইজৰ দাবী শীঘ্ৰে দোষী বিষয়া কৰ্মচাৰীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰি নামবৰ দৈগ্ৰোঙ বনাঞ্চলৰ ধ্বংস যজ্ঞ ৰোধ কৰক ।

Leave a Reply

Your email address will not be published. Required fields are marked *