Friday , September 25 2020
শেহতীয়া খবৰ

আজিও তথৈবছ অৱস্থালৈ পৰিণত জকাই ২নং মহমাৰী ফুলামপুৰ তিনিআলি টিমনা সোণাৰী তিনিআলি ৰাজগড় ফুলাম পুৰ সংযোগী পথ

গণ বাৰ্তা, ডিব্ৰুগড়, ২৪ আগষ্টঃ  ১১৭ নং লাহোৱাল সমষ্টিৰ অধীনৰ জকাই ২নং মহমাৰীৰ পৰা ফুলামপুৰ তিনি আলি জকাই  ৪নং লাইন হৈ টিমনা সোণাৰী তিনি আলি ৰাজগড় ফুলামলৈ সংযোগী পথটো অদ্যপৰিমিত অধিক শোচনীয় দুৰৱস্থালৈ পৰ্যবসিত হৈ আছে। দীৰ্ঘদিন ধৰি যাতায়াতৰ অনুপযোগী হৈ থকাৰ কাৰণে এই পথটো দেশে স্বাধীনতা লাভ কৰা ৭৪টা বছৰেও অৱহেলিত হৈ আহিছে। “ঋতু আহে ঋতু যায় লাহোৱাল সমষ্টিৰ ২নং মহমাৰী টিমনা সোণাৰী তিনি আলি ৰাজগড় ফুলাম পুৰ সংযোগী পথটো বছৰ বছৰ ধৰি উন্নয়নৰ পৰা বঞ্ছিত হৈ ৰয়”  এই কথাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। স্বাধীনোক্তৰ দিনৰ পৰাই স্থানীয় ২নং মহমাৰী, টিমনা, ফুলামবাসীয়ে জকাই ২নং মহমাৰী পৰা ফুলামপুৰ তিনি আলি জকাই ৪নং লাইন টিমনা সোনাৰী তিনি আলি ৰাজগড় ফুলামপুৰ সংযোগীৰ পথৰ শোচনীয় অৱস্থাৰ বাবেই জীয়াতু ভূগিছে। লাহোৱাল সমষ্টিৰ ভিতৰত অতিশয় শোচনীয় অৱস্থালৈ পৰিণত এই পথটোৰ বাবেই অঞ্চলটোৰ জনসাধাৰণে  একাঠু বোকা গচকি বৰ কষ্টৰে অহাযোৱা কৰিব লগীয়া হৈছে। বিগত সময়ৰ কং(ই) চৰকাৰ  দীৰ্ঘকালৰ শাসন, অগপ চৰকাৰৰ দুটা কাৰ্যকাল আৰু বৰ্তমান বিজেপি চৰকাৰৰ সময় পৰ্যন্ত জকাই ২নং মহমাৰী ফুলামপুৰ তিনিআলি জকাইৰ ৪নং লাইন হৈ টিমনা সোণাৰী তিনি আলি ৰাজগড়  ফুলাম পুৰ পথটো পকীকৰণটো বাদেই আজিও নপৰিল শিলগুটি। বিগত অসমত শাসনাধিষ্ঠ কং(ই) চৰকাৰৰ ১৫ বছৰীয়া শাসনকালত কেবাবাৰো আবেদন নিবেদন কৰাৰ পিছতো এই পথৰ উন্নয়ন গুৰুত্ব নোপোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।আনহাতে বৰ্তমান বিজেপি মিত্ৰজোঁটৰ  চৰকাৰৰ শাসনকালৰ ২০১৬চনৰ পৰা অদ্যপৰিমি কেবাবাৰো ৰাজহুৱাকৈ আবেদন নিবেদন, স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো  অদ্যপৰিমিত গুৰুত্ব দিয়া নাই বুলি স্থানীয় ৰাইজে ক্ষোভেৰে দুখ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি শিক্ষানুষ্ঠানলৈ যোৱা শিক্ষাৰ্থী, স্থানীয় জকাই মহমাৰী, টিমনা, টেমটো, ফুলামপুৰ জনসাধাৰণ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সমস্যাৰ সম্মুখীন হৈ বুলি জানিবলৈ দিছে। স্থানীয় ৰাইজে অতিশীঘ্ৰে জকাই ২নং মহমাৰীৰ পৰা ফুলামপুৰ তিনি আলি জকাই ৪নং লাইন হৈ সোণাৰী তিনিআলি ৰাজগড় ফুলামপুৰ সংযোগী পথটো অতিশীঘ্ৰে পকীকৰণৰ আঁচনিত অন্তভূক্তিৰে পদক্ষেপ গ্ৰহণৰ কাৰণে অসম চৰকাৰৰ গড়কাপ্টানি মন্ত্ৰী, লাহোৱালৰ বিধায়কক আহৱান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *