Wednesday , September 23 2020
শেহতীয়া খবৰ

আজিৰে পৰা গুৱাহাটীৰ লকডাউনত শিথিলাতঃ সোমবাৰ আৰু বুধবাৰে মহানগৰীত খোলা থাকিক গেলামালৰ দোকান

মহানগৰ প্ৰতিবেদক, ৪ জুলাই ঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণ মহানগৰীত প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে দুসপ্তাহৰ বাবে গুৱাহাটীত ঘোষণা কৰা লকডাউন কাইলৈৰ পৰা কিছু শিথিল কৰিব। শিথিলতাৰ মাজেৰেই মহানগৰীত চলিব ১৪ দিনীয়া লকডাউন। সোমবাৰৰ পৰা মহানগৰীত বলৱৎ হোৱা লকডাউনত কাইলৈৰ পৰা কিছু শিথিলতা দিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। সেই অনুসৰি দেওবাৰ আৰু মঙলবাৰে গেলামালৰ পাইকাৰী দোকান খোলা থাকিব। বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ এই পাইকাৰী দোকানসমূহ খোৱা থাকিব। কিন্তু এই সময়ছোৱাত কোনো খুচুৰা ব্যৱসায়ৰ দোকান খুলিব নোৱাৰিব। আনহাতে সোমবাৰ আৰু বুধবাৰে মহানগৰীত খোলা থাকিব গেলামালৰ দোকান। পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ এই দুটা দিনত গেলামালৰ দোকানসমূহ খোলা থাকিব। উল্লেখ্য যে এই সময়ছোৱাত কেৱল মহানগৰীত ২০ শতাংশ দোকানহে খোৱাৰ অনুমতি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। আনহাতে দোকানী আৰু গ্ৰাহকে মাস্ক, হেণ্ড গ্ল’ভ্ছ পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব। সামাজিক দূৰত্ব মানি চলা দিশটোৰ প্ৰতি গেলামাল দোকানৰ মালিকপক্ষই গুৰুত্ব দিব লাগিব। ইয়াৰ উপৰি দোকানীসকলে ৰাজ্য চৰকাৰৰ মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত নীতি-নিয়মসমূহ মানি চলিব লাগিব। আনহাতে অত্যাৱশ্যকায় সামগ্ৰী কঢ়িয়াই লৈ যোৱা  ভাৰতীয় খাদ্য নিগমৰ গাড়ীসমূহ চলাচলৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে। কিন্তু সামাজিক দূৰত্ব মানি চলি সামগ্ৰী লোডিং-আনলোডিং কৰিব লাগিব আৰু লগতে সামগ্ৰী কঢ়িয়াই লৈ যোৱা বাহনসমূহ গুৱাহাটীৰ বাহিৰে অন্য স্থানত ৰখাব নোৱাৰিব। ইয়াৰ উপৰি সোমবাৰ আৰু বুধবাৰে মহানগৰীত ঘৰে ঘৰে গৈ ফল-মূল আৰু শাক-পাচলি বিক্ৰী কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকেহে ঘৰে ঘৰে গৈ বিক্ৰী কৰিব পাৰিব। লগতে সোমবাৰ আৰু বুধবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ মহানগৰীত খোলা থাকিব ঔষধৰ পাইকাৰী প্ৰতিষ্ঠানসমূহ।  আনহাতে সোমবাৰ আৰু বুধবাৰে ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব পশুখাদ্যৰ যোগানসমূহ। লগতে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ ই-কমাৰ্চৰ সেৱা মুকলি থাকিব। আনহাতে ১০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব ডাক আৰু বীমা নিগমৰ কাৰ্যালয়।

Leave a Reply

Your email address will not be published. Required fields are marked *