Home Main Stories আজি কলাক্ষেত্ৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

আজি কলাক্ষেত্ৰত নতুন চৰকাৰৰ শপতগ্ৰহণ

116
0

মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই শপত লোৱাৰ লগতে ৰৰ মন্ত্ৰীয়ে ল’ব গোপনীয়তাৰ শপত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ মে’ : সকলোধৰণৰ জল্পনা-কল্পনাৰ অন্ত পৰিল। কাইলৈ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ইতিমধ্যে শংকৰদেৱ কলাক্ষেত্ৰত বিশাল আয়োজন কৰা হৈছে। কাইলৈ দিনৰ ১২ বজাত অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে আন ১১ মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনৰ মাজত যুদ্ধংদেহি তৎপৰতাই দেখা দিছে। শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আজি শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশাল আয়োজনত ব্যস্ত হৈ পৰে বহু শ্ৰমিক। যাৱতীয় পৰিস্থিতি নিৰীক্ষণ কৰিছে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে। আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। কাইলৈ দিনৰ ১২ বজাত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ অভিষেক ঘটিব। কাইলৈৰ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। কাইলৈৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আন কোন কোন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব এতিয়ালৈ চূড়ান্ত হোৱা নাই যদিও ভিতৰুৱা এক সূত্ৰত জানিব পৰা গৈছে ৰঞ্জিত দাস, পীযূষ হাজৰিকা, পৰিমল শুক্লবৈদ্য, অতুল বৰা, কেশৱ মহন্ত, অজন্ত নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্তমল্ল বৰুৱা, অজন্তা নেওগ, পদ্ম হাজৰিকাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে আজিৰ নিশাৰ ভাগত হিমন্ত বিশ্বৰ মন্ত্ৰীসভাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে আমিনগাঁও পৰিদৰ্শন বাংলোত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক। উক্ত বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্ব ক্ৰমে— বৈজন্তম জয় পাণ্ডে, বি এল সন্তোষ, ফণী শৰ্মা, সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাস, সাংসদ তপন গগৈ। নিশালৈকে আমিন গাঁৱৰ বাংলোত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপতগ্ৰহণ সন্দৰ্ভত আলোচনাত মিলিত হয় কেন্দ্ৰীয় নেতৃত্বই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here