Wednesday , September 23 2020
শেহতীয়া খবৰ

আটাছুৰ উদ্যোগত ঐতিহাসিক ৰজা আলিৰ চাফাই অভিযান 

গণ বাৰ্তা, বৰডুবি, ২ চেপ্তেম্বৰ  : টিপাম পাহাৰৰ গাতে লাগি থকা ঐতিহাসিক ৰজা আলি, যি পথেদি এসময়ত আত্মগোপন কৰি গদাপাণি পলাই গৈছিল । যেতিয়া লৰা ৰজাই চাউদাংঙৰ হতুৱাই গদাপাণিক ধৰিবলৈ বিচাৰি ফুৰিছিল , তেতিয়া গদাপাণি অনাই বনাই ঘূৰি ফুৰোতে এই পথেদি পলাই গৈছিল। গদাধৰ সিংহৰ স্মৃতিত আজিও আছে গদাধৰ সিংহ মজলীয়া বিদ্যালয়। তাৰ নিচেই কাষতেই এই ৰজা আলি। চাৰিওফালে শস্য শ্যামলা সেউজী পথাৰৰ মাজত থকা এক নান্দনিক পৰিৱেশ। আজি আটাছু ১ নং চপাতলী শাখা গোটৰ উদ্যোগত এই ঐতিহাসিক ৰজা আলিৰ দুয়ো কাষে থকা হাবি বন সমুহ কাটি চাফা কৰা হয়। খুব কম দিনৰ ভিতৰতে ৰজা আলিৰ দুয়ো কাষে বৃক্ষ ৰোপণ কৰি সৌন্দৰ্য্যবৰ্ধনৰ বাবে পদক্ষেপ হাতত লোৱা হব বুলি আটাছুৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সাধাণৰ সম্পাদক ৰূপম গগৈয়ে জনাইছে |

Leave a Reply

Your email address will not be published. Required fields are marked *