Wednesday , September 23 2020
শেহতীয়া খবৰ

আদালতত বিধায়ক আমিনুলৰ মুখ থেকেচা, ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ আমিনুল ইছলাম

দৈনিক গণ অধিকাৰঃ কোৰোনা ভাইৰাছৰ আতংকৰ সময়ত সমগ্ৰ দেশজুৰি লকডাউন চলি আছিল যদিও কোৰোনা আতংকক লৈ সাম্প্ৰদায়িকতাৰ বীজ ৰোপনৰ চেষ্টা চলাইছিল বিধায়ক আমিনুল ইছলামে। দিল্লীৰ নিজামুদ্দিন তবলিগীৰ পৰা চৌদিশে কোৰোনা ভাইৰাছ বিস্তাৰিত হোৱাৰ প্ৰমাণ থকাৰ পিছতো স্বাস্থ্য বিভাগে কোৱাৰেনটাইনত পঠোৱা লোকসকলক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে। এগৰাকী জনপ্ৰতিনিধি হৈয়ো সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰাৰ বাবে অসমৰ চৌদিশে ককৰ্থনাৰ সন্মুখীন হোৱা এইজন বিধায়কক বিতৰ্কিত মন্তব্য দিয়াৰ পিছতে কৰায়ত্ব কৰিছিল আৰক্ষীয়ে।

কালি গুৱাহাটীলৈ অনাৰ পিছত আজি চিজিএম আদালতত হাজিৰ কৰা হৈছিল বিতৰ্কিত বিধায়ক গৰাকীক। চিআইডিয়ে নগাঁৱৰ কাৰাগাৰৰ পৰা আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰি আনি আজি কামৰূপ মুখ্যন্যায়াধীশৰ আদালতত হাজিৰ কৰে সাতদিনৰ বাবে নিজৰ জিম্মাত বিচাৰে যদিও আদালতে চৈধ্য দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিধায়ক গৰাকীয়ে। অৱশ্যে এই ন্যায়িক জিম্মাৰ সময়ত কাৰাগাৰৰ ভিতৰতে প্ৰয়োজনসাপেক্ষে চিআইডিৰ তদন্তকাৰী বিষয়াই সোধা-পোচা কৰিব পাৰিব বিধায়ক গৰাকীক।

উল্লেখ্য যে চিআইডিয়ে আমিনুল ইছলামৰ বিৰুদ্ধে ০৫য২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে। আনহাতে বিতৰ্কিত মন্তব্যৰে ফেচবুকৰ যোগেদি বিষবাষ্প বিয়পোৱা আমিনুল ইছলামৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে ৭৭য২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধি ১২০বিয১৫৩এয১২৪এয২৯৫এ নম্বৰত গোচৰ ৰুজু কৰিছিল। বিতৰ্কিত মন্তব্য প্ৰদান কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ ক্ষেত্ৰত হাত উজান দিয়া এআইইউডিএফৰ এই বিধায়ক গৰাকীয়ে বাৰম্বাৰ জামিন আবেদন কৰিছিল যদিও আদালতত প্ৰত্যেকবাৰে মুখথেকেচা খাবলগীয়া হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *