কেন্দ্ৰক ভৰ্ৎসনা দিল্লী উচ্চ ন্যায়ালয়ৰ

নতুন দিল্লী, ৪ মে’ : দিল্লীত অক্সিজেনৰ নাটনিয়ে বৰ্তমানো ভয়াৱহতাৰ সৃষ্টি কৰি আছে। অক্সিজেনক লৈ এতিয়াও দিল্লীবাসীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। হাস্পতালসমূহেও বাৰম্বাৰ অক্সিজেন যোগান ধৰিবলৈ চৰকাৰক কৈ থকা হৈছে। ইমানৰ পিছতো কেন্দ্ৰই দিল্লীক পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিবলৈ সক্ষম হোৱা নাই। যাৰ বাবে কেন্দ্ৰক বাৰম্বাৰ সকীয়নি প্ৰদান কৰি আছে দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লীত অক্সিজেনৰ নাটনিৰ বিষয়টোক লৈ দিল্লী উচ্চ ন্যায়ালয়ে সতৰ্কতা অৱলম্বন কৰিছে আৰু বিষয়টোক লৈ কেন্দ্ৰক বাৰম্বাৰ জবাবদিহি কৰি আছে। ইমানৰ পিছতো কেন্দ্ৰই দিল্লীক পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিবলৈ সক্ষম নোহোৱাত আজি পুনৰ এবাৰ দিল্লী উচ্চ ন্যায়ালয়ে কয় যে দিল্লীত ৰোগীয়ে অক্সিজেনৰ অভাৱৰ সৈতে যুঁজি আছে আৰু বহুতে মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে। এনেক্ষেত্ৰত ন্যায়ালয়ে কেতিয়াও চকু মুদি থাকিব নোৱাৰে। কেন্দ্ৰক তীব্ৰ বাক্যবাণ নিক্ষেপ কৰি কয় যে তেওঁলোকে চকু মুদি থাকিব পাৰে, কিন্তু আমি নোৱাৰো। ন্যায়ালয়ে কেন্দ্ৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰি কয় যে অক্সিজেন যোগানৰ বিষয়টো উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পালন নকৰাত তেওঁলোকৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব। দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ভৰ্ৎসনা কৰি কয় যে দিল্লীক শীঘ্ৰে যোগান ধৰা হওক ৭০০ মেট্ৰিকটন অক্সিজেন। অক্সিজেনক লৈ আৰু কোনো ধৰণৰ তৰ্ক-বিতৰ্ক নহয়, শীঘ্ৰেই দিল্লীত ৭০০ মেট্ৰিক টন অক্সিজেন যোগান ধৰা হওক।