আলফা স্বাধীনৰ নেতা গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ অসম আৰক্ষীৰ জিম্মাত “জীৱন”হীন আলফা স্বাধীন

গণ বাৰ্তা , ডুমডুমা, ২৯ এপ্ৰিল: অৱশেষত আলফা স্বাধীনৰ নেতা গুণত ডাঙৰীয়া ওৰফে জীৱন মৰাণ অসম আৰক্ষীৰ জিম্মাত পোৱাৰ খবৰে পৰিয়ালক উৎফুল্লিত কৰি তুলিছে। সেনাৰ হাতৰ পৰা অসম আৰক্ষীয়ে চমজি লোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, আলফা স্বাধীনৰ নেতা, বিত্ত সম্পাদক, মেজৰ জেনেৰেল জীৱন মৰাণক ভাৰতীয় সেনাৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে। নেতা গৰাকীক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে, অৰুণাচলৰ ভাৰত চীন সীমান্তৱৰ্তী তিৰাপ জিলাৰ ন’গল গাৱঁত আলফা নেতাজন উপস্থিত হৈছিল বুলি এটা সূত্ৰই সদৰী কৰিছে। সুত্ৰটোৰ মতে, জীৱন মৰাণে কালি দুপৰীয়া অৰুনাচল প্ৰদেশৰ টিৰাপ জিলাৰ নগল’ নামৰ এখন গাঁৱত উপস্থিত হৈছিল। তাতেই পূৰ্বৰে পৰা খাপপিতি থকা ভাৰতীয় সেনাৰ থ্ৰী ক’ৰ চোৰাংচোৱাসকলে জীৱন মৰানক নিজৰ জিম্মাত লয় । উল্লেখযোগ্য যে, কালিৰে পৰা ভাৰত ম্যানমাৰ সীমান্তৰ খোনচা জিলাৰ বিভিন্ন সম্ভাবনাপূৰ্ণ সীমান্তত ভাৰতীয়‌ সেনাৰ আসাম ৰাইফলচে জীৱন মানক উদ্ধাৰৰ বাবে অভিযানত নামি পৰিছিল । সেই অনুসৰি ভাৰত ম্যানমাৰ সীমান্তৰ গভীৰ অৰণ্য ভেদি কালি সন্ধিয়া জীৱন মৰান আহি নগল’ গাঁৱত ভাৰতীয় সেনাৰ থ্ৰী ক’ৰ চোৰাংচোৱাৰ জালত ভৰি দিয়ে । ইয়াৰ পাছত সেনাৰ চোৰাংচোৱা দলটোৱে জীৱন মৰানক নিজৰ জিম্মাত লৈ খোনচাৰ এটা সেনা শিৱিৰলৈ লৈ যায‌ বুলিও সুত্ৰটোৱে সদৰী কৰিছে ।প্ৰসংগ ক্ৰমে উল্লেখযোগ্য যে, অসম আন্দোলনৰ জৰিয়তে স্থানীয় এলেকাত ৰাইজৰ মাজত পৰিচিত হৈ পৰা গুণত ডাঙৰীয়া এটা সময়ত স্বাধীন অসমৰ সপোন দেখি আলফাত যোগদান কৰিছিল। সেই গুণত ডাঙৰীয়াক এতিয়া স্বাস্থ্যজনীত কাৰণত আলফা স্বাধীনে অব্যাহতি দিয়া বুলি আলফা স্বাধীনৰ সূত্ৰই প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰচাৰ কৰিছে। এনে খবৰে কাকপথাৰৰ উৱনত থকা ঘৰ খনত আনন্দৰ জোৱাৰ উঠিছে যদিও গুণত ডাঙৰীয়া ঘৰ আহি পাবহি কেতিয়া সেয়া কোনেও নিশ্চিত নহয়। তাক লৈয়ো পৰিয়ালৰ লোক সকল অধিক চিন্তিত হৈ পৰিছে। ৰোগীয়া হোৱা গুণত ডাঙৰীয়া এতিয়া কেনে আছে বা কত আছে সেয়া এই সময়ত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। চিকিৎসাৰ বাবে অব্যাহতি দিয়া আলফা নেতা গৰাকী এতিয়া কেনে পৰ্যায়ত আছে সেয়াও তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ কাকপথাৰ আঞ্চলিক গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত থাকি অসম আন্দোলনত অংশ গ্ৰহণ কৰা গুনত ডাঙৰীয়াই ১৯৮৪ চনত আলফা (স্বাঃ) যোগদান কৰিছিল। ম্যানমাৰৰ কাচিনত গুনত ডাঙৰীয়াই গেৰিলা আৰু অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৷আলফাত যোগদান কৰাৰ পিছতহে গুণত ডাঙৰীয়াক জীৱন মৰাণ নাম দিয়ে। তেতিয়াৰ পৰাই গুণত ডাঙৰীয়া জীৱন মৰাণ ওৰফে জীৱন অসম নামেৰে পৰিচিত হয় ৷ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সোঁহাত স্বৰূপ হৈ পৰা জীৱন মৰানক এটা বছৰৰ পিছত আলফাৰ জেনেৰেল কাউঞ্চিলৰ সদস্য হিচাপে নিযুক্তি প্ৰদান কৰিছিল ৷ পিছলৈ নেতা গৰাকীক মেজৰ জেনেৰেল আৰু বিত্ত সম্পাদক হিচাপে দায়িত্ব প্ৰদান কৰে ৷ সশস্ত্ৰ সংগঠন আলফা স্বাধীনে সতীৰ্থ নেতাক সহসন্মানে অব্যাহতি দিয়া ঘটনা এয়াই প্ৰথম ৷ অব্যাহতি দিয়া জীৱন মৰাণ সু-শৰীৰে স্বগৃহত আহি কেতিয়া উপস্থিত হবহি সেয়াহে লক্ষণীয় হৈ পৰিছে। ইফালে পৰিয়ালৰ লোকে এতিয়াও গভীৰ উৎকন্ঠাৰে নিজৰ সদস্য গুণত ডাঙৰীয়াক স্বগৃহত উপস্থিত হোৱাৰ আশাৰে বাট চাই আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *