Friday , September 25 2020
শেহতীয়া খবৰ

আহোমক চীনা আক্ৰমণকাৰী সজোৱা গৰ্গ চেটাৰ্জীক ৰাজ্যজুৰি ধিক্কাৰ : চেটাৰ্জীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ মহানগৰ আৰক্ষী আয়ুক্তক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

কলকাতালৈ ৰাওনা ডিচিপি পৰ্যায়ৰ বিষয়া

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী : ভাৰত-চীনৰ মাজত উত্তেজনা বৃৃদ্ধি পোৱাৰ সময়তে অসমীয়াক লৈ কৰা কটু মন্তব্যই এতিয়া ৰাজ্যজুৰি খলকনিৰ সৃষ্টি কৰিছে। পশ্চিমবংগত তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীয়ে অসমৰ বৰভেটি গঢ়া চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ক সামাজিক মাধ্যমত হেয় প্ৰতিপন্ন কৰাৰ লগতে কটু মন্তব্য কৰাৰ পিছতে এতিয়া সমগ্ৰ অসম জ্বলি উঠিছে। কোনোদিনে অসমৰ প্ৰতি দৰদ নেদেখুওৱা অথবা অসমৰ সমস্যাৰ প্ৰতি মাত এটাও নমতা বংগৰ তথাকথিত এই বুদ্ধিজীৱীজনে চাওলুং চ্যুকাফা আৰু আহোম সম্প্ৰদায়ক চীনৰ পৰা অহা বুলি উল্লেখ কৰাৰ লগতে চ্যুকাফাক চীনা আক্ৰমণকাৰী আখ্যা দিছিল। তদুপৰি অসমৰ আহোম সম্প্ৰদায়ক চীনা লোক বুলি সামাজিক মাধ্যমত উপলুঙা কৰিছিল গৰ্গ চেটাৰ্জীয়ে। ইপিনে অসমক এনেদৰে অপমান কৰা কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আজি মহানগৰীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ১০য২০২০ নম্বৰৰ গোচৰ ৰুজু কৰিছে। ভাৰতীয় দণ্ডবিধিৰ ১৫৩(এ) আৰু আই টি এক্টৰ ৬৭ ধাৰাত গোচৰ ৰুজু কৰি পশ্চিমবংগৰ এই তথাকথিত বুদ্ধিজীৱীজনক শীঘ্ৰেই কৰায়ত্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে। ইতিমধ্যে ডিচিপি পৰ্যায়ৰ এগৰাকী বিষয়াৰ নেতৃত্বত মহানগৰ আৰক্ষীৰ এটা দল কলকাতালৈ ৰাওনা হ’ব বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আয়ুক্তগৰাকীয়ে। কলকাতাত গ্ৰেপ্তাৰ কৰাৰ পিছত পাবত গজা বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক অসমলৈ আনি জেৰা চলোৱা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *