Wednesday , September 23 2020
শেহতীয়া খবৰ

আৰোগ্য নিধিলৈ ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ ১ লাখ টকাৰ চেক সাহায্য

গুৱাহাটীঃ বিশ্বজুৰি কোৰোনা মহামাৰীয়ে মৃত্যুদূতৰ ৰূপ লোৱাৰ সময়তে ভাৰতবৰ্ষই কোৰোনা প্ৰতিৰোধ কৰাৰ বাবে ব্যাপক ব্যৱস্থাপনা গঢ়ি তুলিছে। ইতিমধ্যে ভাৰতবৰ্ষতো প্ৰায় ২১ হাজাৰ লোক এই ভাইৰাছৰ স্বীকাৰ হৈছে। কোভিড-১৯ক ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন জাৰি কৰা হৈছে। আনহাতে মহামাৰীৰ সৈতে যুঁজ দিয়াৰ বাবে স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়সমূহত ব্যাপক ব্যৱস্থা গঢ়ি তুলিছে। উল্লেখ্য যে অসমত এতিয়ালৈকে ৩৫জন কোৰোনা আক্ৰান্ত ধৰা পৰিছে।

কোৰোনা ৰোগীৰ বাবে স্বাস্থ্য বিভাগে যুদ্ধগতিৰ তৎপৰতাৰে স্বাস্থ্যক্ষেত্ৰত ব্যাপক নিৰীক্ষণ কাৰ্য অব্যাহত ৰাখিছে। তদুপৰি সৰুসজাইত অস্থায়ীভাৱে চিকিৎসালয় স্থাপন কৰি কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ এই উদ্যোগৰ সময়ছোৱাত ব্যাপক ধনৰ প্ৰয়োজন হোৱাত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰতিষ্ঠান তথা ব্যক্তিয়ে আৰোগ্য নিধিলৈ ধনৰ সাহায্য আগবঢ়াইছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ ক্ষেত্ৰত এই আৰোগ্য নিধিৰ ধন ব্যৱহাৰ কৰা হৈছে।

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ তৰফৰ পৰাও এই আৰোগ্য নিধিলৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয়। ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ এটা সঁজাতী দলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত উপস্থিত হৈ স্বাস্থ্য, বিত্ত তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ১ লাখ টকাৰ চেক প্ৰদান কৰে। চেক প্ৰদানৰ সময়ত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থাকে।

ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰ, উপ-সভাপতি ড০ জাকিৰ হুছেইন, অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া এমৰান হুছেইন খন্দকাৰ, প্ৰাক্তন উপায়ুক্ত আব্দুৰ ৰহিম শ্বেখ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *