শেহতীয়া খবৰ

ইংলেণ্ড ভ্ৰমণৰ বাবে সাজু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দল

পর্ট অৱ স্পেইনঃ মহামাৰী কোৰোনা ভাইৰাছৰ পিছত পূৰ্বৰ স্থানলৈ ক্রিকেট আনিবৰ বাবে খেলপথাৰত নামিল ৱেষ্ট ইণ্ডিজৰ ক্রিকেট দল। দলটোৱে জুলাইত ইংলেণ্ড ভ্ৰমণৰ বাবে প্রশিক্ষণ আৰম্ভ কৰিছে। লক্ষণীয় যে ৱেষ্ট ইণ্ডিজে ৩ খন টেষ্ট শৃংখলাৰ বাবে জুন মাহত ইংলেণ্ড ভ্রমণলৈ যোৱাৰ কথা আছিল। কিন্তু কৰনাৰ বাবে ইয়াক বাতিল কৰা হয়। সম্প্রতি এইশৃংখলা জুলাইত অনুষ্ঠিত হ’ব। ইফালে কৰনাৰ পিছতে এয়াই প্রথম আন্তঃৰাষ্ট্ৰীয় শৃংখলা হ’ব।

ক্রিকেট ৱেষ্ট ইণ্ডিজৰ মুখ্য কার্যবাহী বিষয়া জনী গ্রেভে প্ৰদান কৰা তথ্যানুসৰি ৱেষ্ট ইণ্ডিজৰ ইংলেণ্ড ভ্রমণ প্ৰায়েই সম্ভৱ। ২৮ মে’ত ব’র্ড অৱ ডাইৰেক্টৰৰ সৈতে ভিডিঅ’ বৈঠক অনুষ্ঠিত হ’ব। ইংলেণ্ড আৰু ৱেছ ক্রিকেট ব’র্ডৰ সৈতেও আলোচনা অন্তিম পর্যায়ত আছে। অধিনায়ক জেছন হ’ল্ডাৰকে প্রমুখ্য কৰি টেষ্ট দলৰ প্রায় সকলো খেলুৱৈয়ে অনুশীলন আৰম্ভ কৰিছে। এইসময়ত দলটোৰ ক্রিকেটাৰসকলে সামাজিক ব্যৱধান মানি চলাৰ পৰিলক্ষিত হয়। অধিনায়ক হ’ল্ডাৰৰ উপৰি ছাই হোপ, ক্রেইগ ব্রেথৱেইট, শ্বেন ডাওৰিছ, কেমাৰ ৰছ, ছাৰ্মাৰাহ ব্ৰুছ আৰু ৰেইমন ৰেইফাৰে চৰকাৰৰ আদেশ আৰু ৱেষ্ট ইণ্ডিজৰ মেডিকেল সমিতিৰ কঠোৰ দিক-নিদের্শনাক মানি চলি প্রশিক্ষণ আৰম্ভ কৰে।

প্রশিক্ষণৰ সময়ছোৱাত দর্শক খেলপথাৰত প্ৰৱেশৰ অনুমতি প্রদান কৰা হোৱা নাই। যদিহে সকলো সঠিকভাৱে সমাপন হয় আৰু ইংলণ্ডে ভ্ৰমণৰ বাবে অনুমতি লাভ কৰে তেন্তে দলৰ সদস্য নির্বাচনহে বাকী থাকিব। এই ভ্ৰমণৰ বাবে চার্টার্ড বিমানৰ ব্যৱস্থাও কৰিব দেশখনে।পর্ট অৱ স্পেইনঃ মহামাৰী কোৰোনা ভাইৰাছৰ পিছত পূৰ্বৰ স্থানলৈ ক্রিকেট আনিবৰ বাবে খেলপথাৰত নামিল ৱেষ্ট ইণ্ডিজৰ ক্রিকেট দল। দলটোৱে জুলাইত ইংলেণ্ড ভ্ৰমণৰ বাবে প্রশিক্ষণ আৰম্ভ কৰিছে।

লক্ষণীয় যে ৱেষ্ট ইণ্ডিজে ৩ খন টেষ্ট শৃংখলাৰ বাবে জুন মাহত ইংলেণ্ড ভ্রমণলৈ যোৱাৰ কথা আছিল। কিন্তু কৰনাৰ বাবে ইয়াক বাতিল কৰা হয়। সম্প্রতি এইশৃংখলা জুলাইত অনুষ্ঠিত হ’ব। ইফালে কৰনাৰ পিছতে এয়াই প্রথম আন্তঃৰাষ্ট্ৰীয় শৃংখলা হ’ব। ক্রিকেট ৱেষ্ট ইণ্ডিজৰ মুখ্য কার্যবাহী বিষয়া জনী গ্রেভে প্ৰদান কৰা তথ্যানুসৰি ৱেষ্ট ইণ্ডিজৰ ইংলেণ্ড ভ্রমণ প্ৰায়েই সম্ভৱ। ২৮ মে’ত ব’র্ড অৱ ডাইৰেক্টৰৰ সৈতে ভিডিঅ’ বৈঠক অনুষ্ঠিত হ’ব। ইংলেণ্ড আৰু ৱেছ ক্রিকেট ব’র্ডৰ সৈতেও আলোচনা অন্তিম পর্যায়ত আছে। অধিনায়ক জেছন হ’ল্ডাৰকে প্রমুখ্য কৰি টেষ্ট দলৰ প্রায় সকলো খেলুৱৈয়ে অনুশীলন আৰম্ভ কৰিছে। এইসময়ত দলটোৰ ক্রিকেটাৰসকলে সামাজিক ব্যৱধান মানি চলাৰ পৰিলক্ষিত হয়।

অধিনায়ক হ’ল্ডাৰৰ উপৰি ছাই হোপ, ক্রেইগ ব্রেথৱেইট, শ্বেন ডাওৰিছ, কেমাৰ ৰছ, ছাৰ্মাৰাহ ব্ৰুছ আৰু ৰেইমন ৰেইফাৰে চৰকাৰৰ আদেশ আৰু ৱেষ্ট ইণ্ডিজৰ মেডিকেল সমিতিৰ কঠোৰ দিক-নিদের্শনাক মানি চলি প্রশিক্ষণ আৰম্ভ কৰে। প্রশিক্ষণৰ সময়ছোৱাত দর্শক খেলপথাৰত প্ৰৱেশৰ অনুমতি প্রদান কৰা হোৱা নাই। যদিহে সকলো সঠিকভাৱে সমাপন হয় আৰু ইংলণ্ডে ভ্ৰমণৰ বাবে অনুমতি লাভ কৰে তেন্তে দলৰ সদস্য নির্বাচনহে বাকী থাকিব। এই ভ্ৰমণৰ বাবে চার্টার্ড বিমানৰ ব্যৱস্থাও কৰিব দেশখনে।

Leave a Reply

Your email address will not be published. Required fields are marked *