Home Popular ইছলামৰ দৃষ্টিত প্ৰতিৱেশীৰ অধিকাৰ

ইছলামৰ দৃষ্টিত প্ৰতিৱেশীৰ অধিকাৰ

46
0
✍️  মৌলানা মুস্তাক আহমদ আনফৰ

পৱিত্ৰ কোৰআনত এতীম-মাউৰা আৰু গৰীব-দুখীয়াসকলৰ খা-খবৰ লোৱাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰতিৱেশী অৰ্থাৎ ওচৰ-চুবুৰীয়াৰ সৈতে সদ্ব্যৱহাৰ কৰাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰা হৈছে। আল্লাহ পাকে কৈছে- “আৰু তোমালোকে আল্লাহৰ উপাসনা কৰা, তেওঁৰ সৈতে আন কাকো অংশী নকৰিবা। পিতৃ-মাতৃ, আত্মীয়-স্বজন, অনাথ, অভাৱগ্ৰস্ত আত্মীয় প্ৰতিৱেশী, অনাত্মীয় প্ৰতিৱেশী, কাষত থকা লগৰীয়া, মুছাফিৰ আৰু তোমালোকৰ অধীনস্থ দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। নিশ্চয় আল্লাহে গৰ্বী আৰু দাম্ভিক মানুহক ভাল নাপায়।” (ছুৰানিছা, আয়াত-৩৬)


ইছলাম এটা স্বভাৱগত আৰু সমাজপ্ৰিয় ধৰ্ম। ইয়াৰ মানৱতাপ্ৰিয় শিক্ষাসমূহৰ এটা গুৰুত্বপূৰ্ণ শিক্ষা হৈছে যে ইছলামে নিজৰ অনুসাৰীসকলক ইজনে-সিজনক দুখ-কষ্টৰ সমভাগী হৈ জীৱন নিৰ্বাহ কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। বৰ্তমান যুগৰ তথা কথিত সভ্য সমাজৰ দৰে নহয় । যি সমাজৰ প্ৰত্যেক ক্ষেত্ৰত কেৱল নিঃসংগতাহে বিৰাজিত আৰু প্ৰতিজন মানুহ নিজৰ উদ্দেশ্য আৰু স্বাৰ্থৰ দাস, আনৰ জীৱনৰ লগত কোনো সম্পৰ্ক নাই, কোনো উদ্দেশ্য নাই। এই নিঃসংগতাপ্ৰিয় জীৱন কেতিয়াও মানৱতা হ’ব নোৱাৰে, বৰঞ্চ এয়া ইতৰ প্ৰাণীৰ সমতুল্য জীৱন, য’ত প্ৰত্যেক মানুহে অন্য মানুহৰ লগত সম্পৰ্ক ত্যাগ কৰি কেৱল নিজৰ স্বাৰ্থটোকেই অগ্ৰাধিকাৰ দিয়ে। সাম্প্ৰতিক কালত পশ্চিমীয়া সভ্যতাৰ দ্বাৰা প্ৰভাৱিত ‘কল’নী’বিলাকলৈ গ’লে এই বেদনাদায়ক সত্য ওলাই পৰে যে একেটা কল’নীত দুজন প্ৰতিৱেশী দীৰ্ঘ দিন ধৰি বসবাস কৰি আছে, কিন্তু এজনে আনজনৰ বিষয়ে একোকে নাজানে। আজিৰ বিশ্বত দূৰ-দূৰন্তত বসবাস কৰা মানুহৰ লগত নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সম্পৰ্ক স্থাপনৰ চিন্তা কৰা হয়, কিন্তু নিজৰ কাষৰ চুবুৰীয়া মানুহৰ কেনে অৱস্থাত আছে তাৰ একো খবৰ লোৱা নহয়। ইছলাম ধৰ্ম এনে চিন্তাধাৰাৰ সম্পূৰ্ণ পৰিপন্থী। এনে পশুতুল্য জীৱনক ইছলামে মানৱতাবিৰোধী বুলি গণ্য কৰে।


চুবুৰীয়াৰ লগত সদ্ব্যৱহাৰ সম্পৰ্কে মহানবী মুহাম্মদ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে বহুতো নীতি-নিৰ্দেশনা ব্যক্ত কৰি তাক বাস্তৱতো ৰূপায়ণ কৰি গৈছে। তাৰে কিছুমনা ইয়াত উল্লেখ কৰা হ’ল।


১। জনৈক ইহুদী নবী মুহাম্মদ(ছঃ)ৰ প্ৰতিবেশী আছিল। তেখেতে তাৰ সুখ-দুখত সদায় লক্ষ্য ৰাখিছিল। তেখেতৰ ব্যস্ততা বৃদ্ধি হোৱাৰ বাবে কেইদিনমান খবৰ ল’ব পৰা নাছিল, সেয়ে তেখেতে উপস্থিত ছাহাবাক সুধিলে-মোৰ প্ৰতিবেশী ইহুদীজনৰ কি হল? দেখা নাপাওঁ। ছাহাবাই ক’লে, হে আল্লাহৰ ৰছুল তেওঁ ঢুকালে। তেতিয়া তেখেতে কৈছিল, তোমালোকে মোক কিয় অৱগত কৰা নাই ? মই তাৰ পৰিয়ালৰ ওচৰত গৈ সমবেদনা জ্ঞাপন কৰিলোহেঁতেন। (তাগীব ও তাৰহীব)

২। আব্দুল্লাহ ইবনে আমৰ (ৰাঃ)ৰ ঘৰত এটা ছাগলী জবেহ কৰা হৈছিল। তেওঁ ঘৰলৈ আহি পৰিয়ালৰ লোকক ক’লে, আমাৰ প্ৰতিৱেশী ইহুদীৰ ঘৰত মাংস দিছানে, কিয়নো মই নবী মুহাম্মদ(ছঃ)ক কোৱা শুনিছোঁ যে ঐশীৰ্বানী বাহক দূত জিব্ৰাইল আলাইহিছছালামে মোক প্ৰতিৱেশীৰ লগত সদ্ব্যৱহাৰ কৰিবলৈ ইমান তাগিদা কৰিছিল। ফলত মোৰ অনুভৱ হ’ল যে তেওঁ প্ৰতিৱেশীক নিজৰ পৈতৃক সম্পত্তিৰ অংশীদাৰ কৰিবলৈ নিৰ্দেশ দি দিয়ে নেকি। (তিৰমিজী)


৩। আবু হুৰাইৰা ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী মুহাম্মদ ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- শপত আল্লাহৰ, শপত আল্লাহ, শপত আল্লাহ!প্ৰকৃত মুছলমান নহয় (তিনিবাৰ ক’লে) সোধা হ’ল, সেইজন কোন? হে আল্লাহৰ ৰছুল তেখেতে ক’লে-যাৰ অত্যাচাৰৰ পৰা প্ৰতিৱেশী নিৰাপদ নহয়।


৪। আমৰ ইবনে শুৱাইবে তেওঁৰ আতায়েকৰ পৰা বৰ্ণনা কৰিছে, নবীয়ে কৰিম ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- তোমালোকে জানানে, ওচৰ-চুবুৰীয়াৰ প্ৰাপ্য- কি? তেখেতে ক’লে, যদি সি তোমাৰ পৰা সহায় বিচাৰে, তেন্তে তুমি তাক সহায় কৰিবা, ঋণ বিচাৰিলে ঋণ দিবা, অভাৱগ্ৰস্ত হ’লে তাৰ অভাৱ দূৰীকৰণৰ ব্যৱস্থা কৰি দিবা, আনন্দ-সুখ লাভ কৰিলে ধন্যবাদ জনাবা, বিপদত সান্ত্বনা প্ৰদান কৰিবা। তাৰ অনুমতিবিহীন তোমাৰ ঘৰ ইমান ওখ নিৰ্মাণ নকৰিবা যে বতাহ চলাচলত বিঘিনি ঘটিব পাৰে। তুমি ফল-মূল কিনিলে তাৰ পৰা চুবুৰীয়াক অলপ দিবা, যদি এয়া দিয়া সম্ভৱ নহয়, তেন্তে ফল-মূল লৈ গোপনভাৱে নিজৰ ঘৰতে প্ৰৱেশ কৰিবা, ইয়াৰ পিছত তোমাৰ ল’ৰা-ছোৱালীয়ে সেয়ালৈ বাহিৰত ওলাই নাযায় যেন; কাৰণ তাৰ দ্বাৰা তোমাৰ চুবুৰীয়াৰ সন্তানহঁতৰ মনত কষ্ট জন্মিব পাৰে। তোমাৰ ঘৰত যি আঞ্জা প্ৰস্তুত হ’ব তাৰ পৰা সামান্য তোমাৰ প্ৰতিৱেশীৰ ঘৰলৈ পঠিয়াবা যাতে আঞ্জাৰ ঘ্ৰাণৰ দ্বাৰা তাৰ মনত কষ্ট নাহে। (কনজুল উম্মাল)।


৫। আঈশ্বা ৰাজিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত-নবীয়ে কৰীম ছল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে হে আইশ্বা যেতিয়া তোমাৰ ওচৰত তোমাৰ প্ৰতিৱেশীৰ সন্তান-সন্ততি উপস্থিত হয়, তেতিয়া সিহঁতৰ হাতত কিছু নহয় কিছু দিবা, কিয়নো ইয়াৰ দ্বাৰা মৰম-স্নেহ সৃষ্টি হয়। (কনজুল উম্মাল)


৬। আনছ ৰাজিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবীয়ে কৰীম ছল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে যিয়ে প্ৰতিৱেশীক কষ্ট দিয়ে সি মোক কষ্ট দিয়ে আৰু যিয়ে মোক কষ্ট দিয়ে সি পালন কৰ্তা আল্লাহক কষ্ট দিয়ে আৰু যিয়ে প্ৰতিৱেশীৰ সৈতে হাই-কাজিয়া কৰে সি মোৰ সৈতে হাই-কাজিয়া কৰে আৰু যিয়ে মোৰ সৈতে হাই-কাজিয়া কৰে সি আল্লাহৰ সৈতে হাই-কাজিয়া কৰে। (কনজুল উম্মাল)।


প্ৰিয় পাঠকবৃন্দ ! প্ৰতিৱেশীৰ লগত সদ্ব্যৱহাৰৰ প্ৰতি ইছলামে কিমান গুৰুত্ব আৰোপ কৰিছে, সেয়া উল্লিখিত হাদিছসমূহৰ পৰা সহজে অনুধাৱন কৰিব পাৰে। এয়া হ’ল ইছলামী শিক্ষাত মানৱতাবোধৰ এটা উজ্জ্বল অধ্যায়, যাৰ প্ৰতি আজিৰ বিশ্ব সম্পূৰ্ণ উদাসীন। আহকচোন আমি জাতি-ধৰ্ম-বৰ্ণৰ ভেদাভেদ নেওচি সকলোৱে ওচৰ-চুবুৰীয়াৰ প্ৰতি কৰুণাৰ দৃষ্টি নিক্ষেপ কৰোঁ। উল্লিখিত হাদিছসমূহত প্ৰতিৱেশী সম্পৰ্কে কোনো বিশেষ জাতিক নিৰ্ধাৰিত কৰা হোৱা নাই, লাগিলে প্ৰতিৱেশীজন হিন্দু, খৃষ্টান, ইহুদী, মুছলিম, বৌদ্ধ আদি যি কোনো ধৰ্মাৱলম্বী হওক, তাৰ প্ৰতি সদ্ব্যৱহাৰ কৰাৰ বাবে ইছলামে মানৱ জাতিক অনুপ্ৰাণিত কৰিছে।


মৌলানা মুস্তাক আহমদ আনফৰ,

সভাপতি- অসম ৰাজ্যিক জমিয়ত উলামা

LEAVE A REPLY

Please enter your comment!
Please enter your name here