Monday , September 21 2020
শেহতীয়া খবৰ

ইজৰাইলৰ পৰা অহা যুৱক কৰ’ণা আক্ৰান্তৰ সন্দেহ আতংক গোৰেশ্বৰ

দৈনিক গণঅধিকাৰঃ বিটিএডিৰ বাগসা জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰখুটি গাওঁত এজন যুবক কৰ’ণা ভাইৰাচৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সন্দেহত সমগ্ৰ জিলাখনতে তীব্ৰ আতংকৰ সৃষ্টি হৈছে । কভিড ১৯ হোৱাৰ সন্দেহ কৰা যুবকজনৰ নাম হেমন্ত ডেকা (২৭) ।

প্ৰাপ্ত তথ্য হেমন্ত ডেকাই যোৱা ২২ মাৰ্চত ইজৰাইলৰ পৰা জন্মভূমি সুৱাগপুৰত উপস্থিত হৈছিল আৰু তেওঁ নিজকে এটা কোঠাৰ মাজত আৱদ্ধ হৈ আছিল । ইতিমধ্যে তেওঁ সামান্য পৰিমাণে জ্বৰত-কাঁহত ভুগি থকাৰ পিছত আজি ১০৮ এম্বুলেঞ্চক ফোন কৰি স্বাস্থ্য কৰ্মীক এই বিষয়ে অবগত কৰে।

উল্লেখ্য যে যুবকজনৰ উত্তৰ প্ৰদেশৰ এগৰাকী সতীৰ্থৰ কোভিড ১৯ পজিটিভ পোৱাৰ পিছত সন্দেহ ঘণীভূত হয় আৰু নিজৰো সক্ৰমণ হ’ব পাৰে বুলি ভাবিয়ে স্থানীয় নাওকাটা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত খবৰ দিয়ে আৰু লগে লগে এটা স্বাস্থ্য কৰ্মী ৰ দল আহি ১০৮ ত জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰি । অৱশ্যে বাতৰি লিখা পৰলৈ তেজৰ নমুনাৰ ফলাফল অহা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *