Monday , September 21 2020
শেহতীয়া খবৰ

ঈদগাহত ঈদৰ নামাজ পঢ়িব নোৱাৰিব : মছজিদত চাৰিজনেহে পঢ়িব পাৰিব নামাজ : পৱিত্র ঈদ-উদ-জোহাৰ সন্দৰ্ভত যোৰহাট জিলা প্রশাসনৰ আলােচনা সভা 

ষ্টাফ ৰিপৰ্টাৰ, যােৰহাট, জুলাই ২৮ :   যোৰহাটত  সাম্প্রতিক কোৰোনা  ভাইৰাছৰ  সংক্রমণ বৃদ্ধি হােৱাৰ পৰিপ্রেক্ষিত আজি যোৰহাটৰ উপায়ুক্ত কার্যালয়ৰ সভাগৃহত  আগন্তক হব লগীয়া পৱিত্র ঈদ-উদ-জোহাৰ উদযাপনৰ  সন্দৰ্ভত আলোচনা কৰা হয়। ঈদগাহ কমিটী, হিলাল সমিতি আৰু মছজিদ কমিটীৰ বিষয়ববীয়াসকলৰ লগত জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জি কৰাটীৰ সভাপত্বিত আজি এখন সৌহাদ্যপূর্ণ আলােচনা হৈ যায়। উক্ত সভাৰ আলােচনা মর্মে ঈদৰ পৰম্পৰা ৰক্ষা কৰিবলৈ জিলা প্রশাসনে মছজিদ সমূহত ইমাম আৰু তিনিজন ব্যক্তি তথা মুঠ চাৰিজন ব্যক্তিক নামাজ পঢ়াৰ অনুমতি প্রদান কৰে। কোৰোনা  ভাইৰাছৰ সংক্ৰমণৰ  ৰোধৰ প্রতি লক্ষ্যৰাখি এইবাৰ ঈদত ঈদগাহ আৰু কৰবস্থানসমূহত কোনাে ব্যক্তিয়ে নামাজ পঢ়িব নোৱাৰিব । ইয়াৰ উপৰিও এই ঈদত কোৰবাণীত  ব্যৱহাৰ কৰা জন্তুৰ পেলনীয়া সামগ্রী (হাড়-ছাল আদি) ঘৰৰ বাৰীতে পুতি থোৱা ব্যৱস্থা কৰিবলৈ আহ্বান জনােৱা হৈছে। কো’ৰোনা সংক্রমণ ৰোধৰ ক্ষেত্ৰত ল’বলগীয়া চৰকাৰী সকলাে নীতি-নিয়মসমূহ মানি শান্তিপূর্ণভাবে ঈদ উদযাপন কৰিবলৈ  জিলা উপায়ুক্তই আহ্বান জনায় । জিলাখনৰ সমূহ ইছলাম ধর্মীয় ৰাইজক ঘৰতে থাকি নামাজ পঢ়িবলৈও তেখেতে কয়। কোৰোনা  ভাইৰাছ সংক্রমণ ৰােধৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্রশাসনে জাৰি কৰা নির্দেশনাসমূহ মানি ঘৰৰ ভিতৰতে থাকি সকলােৱে বিশ্ববাসীৰ কল্যাণৰ হকে দোৱা কৰিবলৈও ইছলাম ধর্মীয় ৰাইজক আহ্বান জানায়। উল্লেখ্য যে
আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰ উপস্থিত বিষয়ববীয়াসকলক এইক্ষেত্ৰত ৱাটচাপ  ফেচবুক আদি ছ’চিয়েল মেডিয়া আৰু মােবাইল মাইকিং আদিৰ জৰিয়তে জিলাখনৰ সকলাে ইছলাম ধৰ্মীয় ৰাইজক সজাগ কৰিবলৈ আহ্বান জনায়। লগতে জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনক সহযোগিতা কৰিবলৈও কয় । সভাত অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, অতিৰিক্ত আৰক্ষী অধীক্ষক ইমদাদ আলি আৰু বহুকেইজন কমিটীৰ বিষয়ববীয়াই ঈদ উদযাপনৰ সন্দৰ্ভত পৰামর্শ আগবঢ়ায়। আজিৰ এই আলােচনা সভাত তিতাবৰ মহকুমাধিপতি খনিন্দ্র দাস, ৰাজহ চক্ৰ বিষয়াসকল,  সহকাৰী আয়ুক্তসকলৰ লগতে জিলা প্রশাসন আক আৰক্ষী প্রশাসনৰ বহুকেইজন বিষয়া-কর্মচাৰী উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *