Friday , September 25 2020
শেহতীয়া খবৰ

উজনি মাজুলী উন্নয়ন খণ্ডৰ  আদৰ্শনীয় প্ৰদক্ষেপ : চন পৰা মাটিত ৰুলে বিভিন্ন প্ৰজাতিৰ শালি ধানৰ কঠিয়া

গণ বার্তা, মাজুলী , ২০ জুলাই :  উজনি মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰলাশ ৰঞ্জন হাজৰিকাৰ তত্ত্বাৱধানত উজনি  মাজুলী  জেংৰাইমুখ কৃষি খণ্ডৰ সহযোগত উজনি মাজুলী উন্নয়ন খণ্ড কাৰ্যালয়ৰ গাতে লাগি থকা  চন পৰা মাটিত ৰুইছে শালি ধানৰ বিভিন্ন প্ৰজাতিৰ কঠিয়া ।সমগ্ৰ বিশ্বতে কভিড ১৯ য়ে সংহাৰী ৰূপ ধাৰন কৰাত  বহিঃ ৰাজ্যৰ পৰা স্বগৃহলৈ উভতি আহিছে বহু শিক্ষিত যুৱক । বৰ্তমানলৈকে মাজুলীলৈ প্ৰায় ১৫০০ যুৱকৰ  আগমন হৈছে ৷  এই যুৱ সকলক কৃষিৰ প্ৰতি আৰ্কষিত কৰা আৰু তেওঁলোকক  প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যতেই   উজনি মাজুলী উন্নয়ন খণ্ডৰ বিষয়া জনৰ তৎপৰতাত কৃষি বিভাগৰ সহযোগত উন্নয়ন খণ্ডৰ চন পৰা মাটিত মাচুৰি,  জহা, আইজংঙ কে আদি কৰি বিভিন্ন প্ৰজাতিৰ কঠিয়া ৰোপণ কৰি উজনি মাজুলী  উন্নয়ন খণ্ড লোক সকলে তুলি ধৰিছে এক প্ৰদৰ্শনীয় প্ৰদক্ষেপ ।যি সময়ত বহিঃৰাজ‍্যত কৰ্ম সুত্ৰে থকা একাংশ যুৱকে মাজুলীলৈ আহি উপাৰ্জন পথ বিচাৰি ফুৰিছে তেনে সময়তেই উজনি মাজুলী উন্নয়ন খণ্ডই এই যুৱক সকলক উৎসাহ জনোৱা উদ্দশ‍্যৰে নামি পৰিছে কৃষি বিপ্লৱত। এই পদক্ষেপৰ সম্পৰ্কে এই প্ৰতিবেদকে খণ্ড বিষয়া জনৰ পৰা জানিব বিচৰাত তেখেতে কয় যে  উন্নয়ন খণ্ডৰ অন্তৰ্গত আঠ খন গাঁও পঞ্চায়তলৈ কৰ্ম সূত্ৰে বহিঃ ৰাজ্যত থকি স্বগৃহলৈ ঘুৰি অহা যুৱক সকলৰ তালিকা প্ৰস্তুুত কৰি থকা হৈছে আৰু খুব  কম দিনত ৰাজ্য চৰকাৰৰ সহযোগত এই নিৱনুৱা যুৱক সকলক কৃষিকৰ্মকে ধৰি দক্ষতা অনুসৰি  কি দৰে স্বাৱলম্বী কৰি তুলিব পাৰি তাৰো চিন্তা চৰ্চা চলি আছে বুলি জনাই ৷ আনহাতে কালিৰ ভুই ৰুৱা পথাৰত উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা অনন্ত মহন্ত , জেংৰাইমুখ কৃষি খণ্ডৰ এ ডি অ. হৰিপ্ৰসাদ লাগাচু, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখামনি দলে , ফুলনিৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা   মনিকা টাইদকে ধৰি উন্নয়ন খণ্ডৰ বিষয়া , কৰ্মচাৰী উপস্থিত থাকে ৷ উল্লেখযোগ্য যে বহিঃ ৰাজ্যত আনৰ অধিনত কৰ্ম সম্পাদন কৰাতকৈ নিজ জন্ম ভূমিত এনেদৰে কৃষি বিপ্লৱত নামি পৰিলে অধিক ফলপ্ৰসু হোৱাৰ আশা প্ৰকাশ কৰিছে উজনি মাজুলীৰ খণ্ডৰ খণ্ড উন্নয়ন   বিষয়া পলাশ ৰঞ্জন  হাজৰিকাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *