Sunday , September 20 2020
শেহতীয়া খবৰ

উত্তৰ -পূৱ ভাৰতৰ আমীৰে শ্বৰিয়ত মুফতি খাইৰুল ইছলাম আৰু নাইঃ  জুৰীয়াত লক্ষাধিক গুণমুগ্ধৰ উপস্থিতিত জানাজা সম্পন্ন

 

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২ জুলাই ঃ পিতৃহাৰা হ’ল ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম। বিধায়ক ইছলামৰ পিতৃ তথা ইছলাম ধৰ্মৰ ধৰ্মগুৰু, উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত, সৰ্বভাৰতীয় জমিয়ত উলামা-ই-হিন্দৰ উপ- সভাপতি, অসম ৰাজ্যিক জমিয়তৰ উপ-সভাপতি, দাৰুল হাদীছ পৰমাইভেটি ইছলামিয়া মাদ্ৰাছাৰ শ্বেখুল হাদীছ হজৰত শ্বেখ মুফতি খাইৰুল ইছলামে আজি পুৱা ৯:৪৫ বজাত নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ইহলীলা সম্বৰণ কৰে। বিগত কেইটামান বছৰৰ পৰা তেওঁ কিডনী, হৃদৰোগ, মধুমেহ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈ দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছিল। শেহতীয়াকৈ তেওঁ ঘৰতে চিকিৎসাধীন অৱস্থাত আছিল। অৱশ্যে কালি তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত সন্ধ্যা পৰিয়ালৰ লোকে নগাঁও চহৰৰ ধিংগেটৰ ডিউ কেয়াৰ নাৰ্ছিং হোমত ভৰ্তি কৰায়। আজি এই চিকিৎসালয়খনতেই পুৱা ৯.৪৫ বজাত চিকিৎসাৰত অৱস্থাতে ধৰ্মীয় গুৰুজনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ইছলাম ধৰ্মীয় লোকে মছজিদে মছজিদে দোৱা প্ৰাৰ্থনা আৰম্ভ কৰে। ইতিমধ্যে তেওঁৰ হেজাৰ হেজাৰ শিষ্য আহি দগাঁও পৰমাইভেটিৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইছলাম ধৰ্মীয় গুৰু মুফতি খাইৰুল ইছলামৰ জন্ম হৈছিল ১৯৩৭ চনত নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পৰমাইভেটি গাঁৱত। স্থানীয় ধিংগাঁও মোক্তাব বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰা খাইৰুল ইছলামে পৰৱৰ্তী সময়ত পৰমাইভেটি দাৰুল হাদীছ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি আৰবী বিষয়ত স্নাতক ডিগ্ৰী লয়। পাছত তেওঁ ১৯৫৭ চনত উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দ মাদ্ৰাছাৰ পৰা ইছলামিক শিক্ষাৰ স্নাতকোত্তৰ ডিগ্ৰী লয়। তাৰ পৰাই তেওঁ মুফতি খিতাপ অৰ্জন কৰে। ১৯৬৪ চনত তেওঁ অসমলৈ ঘূৰি আহে আৰু ইয়াৰ পিছত প্ৰায় তিনি বছৰ কাল নীলবাগানৰ জয়নগৰ মাদ্ৰাছাত শিক্ষকতা কৰে। তাত তেওঁ ১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈকে শিক্ষকতা কৰে বুলি জানিব পৰা গৈছে। ১৯৬৭ চনতে তেওঁ পৰমাইভেটিলৈ উভতি আহি পৰমাইভেটি দাৰুল হাদীছ ইছলামীয়া মাদ্ৰাছাৰ মুৰব্বী পদত অধিষ্ঠিত হয় আৰু অনুষ্ঠানটিৰ সম্প্ৰসাৰণ কৰি ইয়াক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এক বৃহৎ আৱাসিক মাদ্ৰাছালৈ পৰ্যৱসিত কৰে। এই ধৰ্মীয় শিক্ষানুষ্ঠানটোত  দুহেজাৰ আৱাসী ছাত্ৰ আছে। তেওঁলোকক বিনামূলীয়াকৈ শিক্ষাদান দিয়াৰ লগতে খোৱা-বোৱাৰ যোগান ধৰা হয়।  মৃত্যু পৰ্যন্ত তেওঁ এই অনুষ্ঠানৰ মুৰব্বী পদত অধিষ্ঠিত হৈ আছিল। মুফতি খাইৰুল ইছলাম ১৯৬০ চনৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম সংগ্ৰামী অনুষ্ঠান জমিয়তৰ সৈতে জড়িত হৈ আছিল। মৃত্যুৰ সময়লৈকে তেওঁ সৰ্বভাৰতীয় জমিয়ত আৰু অসম ৰাজ্যিক জমিয়তৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ দ্বীনি তালিমী ব’ৰ্ডৰো ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। স্মৰ্তব্য যে বাশকান্দিৰ শ্বেখ আহমদ আলীৰ বিয়োগৰ পাছত ২০০২ চনত তেওঁক উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত হিচাপে এই পদত অধিষ্ঠিত কৰা হয়। মৃত্যুৰ সময়লৈকে তেওঁ সেই পদত অধিষ্ঠিত হৈ আছিল। ধৰ্মীয় গুৰুজন এগৰাকী লেখক হিচাপেও পৰিচিত।  তেওঁ ‘মুছলিম জীৱনৰ অলংকাৰ’, ‘মুচাফিৰৰ নামাজ’, ‘মাছাইলে জাকাত’, ‘পৱিত্ৰ হজৰ নিৰ্দেশাৱলী’কে ধৰি কে’বাখনো ধৰ্মীয় গ্ৰন্থ ৰচনা কৰাৰ লগতে ‘আল হাদি’ নামৰ এখন আলোচনীৰ সম্পাদক পদতো কাৰ্যনিৰ্বাহ কৰিছিল।  মুফতি খাইৰুল ইছলামৰ বিয়োগত সাংসদ ক্ৰমে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, নুৰুল হুদা আদিয়ে তেওঁৰ গৃহলৈ গৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, বিধায়ক আমিনুল ইছলামসহ ছয় পুত্ৰ, তিনিগৰাকী জীয়াৰী আৰু বহু ইষ্ট-কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়। আজি বিয়লি ৫:১৫ বজাত দগাঁও আঞ্চলিক খেলপথাৰত লক্ষাধিক লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।

 শ্বেখ মুফতি খাইৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ আমছুৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ২ জুলাই ঃ উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত সৰ্বভাৰতীয় জমিয়ত উলেমায়ে হিন্দৰ উপ-সভাপতি তথা দাৰুল হাদীছ পৰামাইভেটি ইছলামীয়া মাদ্ৰাছাৰ শ্বেখ খুল হাদীছ হজৰত শ্বেখ মুফতি খাইৰুল ইছলামৰ আজি পুৱা পৰলোকপ্ৰাপ্তি ঘটাত গভীৰ শোক প্ৰকাশ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, চমুকৈ আমছুৱে। আজি বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে মুফতি খাইৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যুত অসমৰ লগতে ভাৰতবৰ্ষৰ এক অপূৰণীয় ক্ষতি হ’ল। তেওঁ কেৱল মুছলমানসকলৰেই সম্পদ নাছিল, তেওঁ সমগ্ৰ দেশৰ মানৱ সমাজৰ সম্পদ আছিল বুলিও মন্তব্য কৰে আমছুৰ উপদেষ্টাগৰাকীয়ে। ইপিনে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ইছলাম ধৰ্মৰ এগৰাকী বিদগ্ধ পণ্ডিত হিচাপে পৰিচিত মুফতি খাইৰুল ইছলামে সদায় অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰিছিল বুলি মত পোষণ কৰে। একেদৰে আমছুৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, সহকাৰী সাধাৰণ সম্পাদক তথা মহানগৰ আমছুৰ সভাপতি মিন্নাতুল ইছলাম, উত্তৰ-পূব ভাৰতৰ ইছলাম ধৰ্মীয় লোকসকলে এজন অভিভাৱক হেৰুৱালে বুলি মন্তব্য কৰে । আমছুৰ নেতৃত্বই প্ৰয়াত ইছলামৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ জান্নাতুল ফিৰদৌচ নচিব কৰাৰ কামনাৰে  শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

মুফতি খাইৰুল ইছলামৰ বিয়োগত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটিৰ শোক প্ৰকাশ

গুৱাহাটী, ২ জুলাই ঃ উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত তথা  সৰ্বভাৰতীয় জমিয়তৰ উপ-সভাপতি মুফতি খাইৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীয়ে।  ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ’চাইটীৰ সভাপতি ড০ আতোৱাৰ ৰহমান, কাৰ্যকৰী সভাপতি আব্দুল বাতিন খন্দকাৰ, সাধাৰণ সম্পাদক ছাহজাহান তালুকদাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে বিশিষ্ট ইছলামী চিন্তাবিদ মুফতি খাইৰুল ইছলাম আছিল মুছলমান  সমাজৰ মহীৰূহস্বৰূপ আৰু এগৰাকী মাৰ্গদৰ্শক।   তেওঁৰ মৃত্যুত ইছলাম সমাজৰ বৃহৎ ক্ষতি হৈছে।  তেওঁ আজীৱন জমিয়ত উলামাৰ অক্লান্ত কৰ্মী হিচাপে জনস্বাৰ্থত কাৰ্যনিৰ্বাহ কৰিছিল। ইছলামিক শ্বৰীয়তী বিধানৰ ওপৰত  অগাধ ব্যুৎপত্তি অৰ্জন কৰি অপৰিসীম জ্ঞানৰ অধিকাৰী হোৱা এই বিশিষ্ট ইছলামী চিন্তাবিদগৰাকীৰ আত্মাৰ জান্নাত নচিবৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু  লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অন্তৰৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

আমীৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ বিয়োগত ৰাজ্যিক জমিয়ত উলামাৰ শোক

অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰ আৰু সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰছিদ কাছিমীয়ে এক জৰুৰী প্ৰেছ বাৰ্তাযোগে উঃ-পঃ ভাৰতৰ আমীৰে শ্বৰীয়ত তথা সৰ্বভাৰতীয় জমিয়তৰ উপ-সভাপতি মুফতি খাইৰুল ইছলাম (ৰঃ) চাহাবৰ প্ৰায় ৮৬ বছৰ বয়সত হোৱা বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে। অতি সহজ-সৰল আৰু মৃদুভাষী প্ৰয়াত মুফতি চাহাবে বিগত বহু বছৰ ধৰি অসম ৰাজ্যিক জমিয়ত উলামাৰ উপ-সভাপতি আৰু পৰমাইভেটি দাৰুল উলুম মাদ্ৰাছাৰ শ্বেইখুল হাদীছ ৰূপে জীৱনৰ শেষ মুহূৰ্তলৈকে সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল। একাধাৰে এগৰাকী সুদক্ষ আলিম, সু-সাহিত্যিক তথা ইছলাম ধৰ্মীয় পণ্ডিত ৰূপে প্ৰয়াত মুফতি চাহাব আছিল সমগ্ৰ অসম তথা উঃ-পূঃ ভাৰতৰ এগৰাকী আগশাৰীৰ বিশিষ্ট ইছলামিক চিন্তাবিদ। ভাৰতৰ প্ৰখ্যাত মাদানী পৰিয়ালৰ উপৰি জমিয়তৰ প্ৰবাদপ্ৰতিম নেতা বাশকান্দিৰ প্ৰয়াত শ্বেইখুল হাদীছ মৌলানা আহমদ আলী (ৰঃ) চাহাবৰ একান্ত ঘনিষ্ঠ সহযোগী হিচাপে প্ৰয়াত মুফতি চাহাবে আজীৱন জমিয়ত উলামাৰ অক্লান্ত কৰ্মী হিচাপে জনস্বাৰ্থত কাৰ্যনিৰ্বাহ কৰিছিল।

বিশিষ্ট ইছলামী চিন্তাবিদ খাইৰুল ইছলামৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ শোক প্ৰকাশ

বিশিষ্ট ইছলামী চিন্তাবিদ খাইৰুল ইছলামৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই। এক প্ৰেছ বিবৃতিত সভাপতি ৰিপুন বৰাই কয়- ‘ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামদেৱৰ পিতৃ, উত্তৰ-পূব ভাৰতৰ আমীৰে শ্বৰীয়ত, সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ-সভাপতি, শ্ৰদ্ধেয় মুফতি খাইৰুল ইছলাম চাহাবৰ ইন্তেকালৰ দুঃসংবাদটি পাই মৰ্মাহত হৈ পৰিছো। তেওঁ আছিল ইছলামীয় সমাজৰ মহীৰূহস্বৰূপ, এগৰাকী মাৰ্গদৰ্শক। বিশিষ্ট ইছলামী চিন্তাবিদগৰাকীৰ আত্মাৰ জান্নাত নচিবৰ কাৰণে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়ালটিক মোৰ অন্তৰৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।

Leave a Reply

Your email address will not be published. Required fields are marked *