Friday , September 25 2020
শেহতীয়া খবৰ

উত্তৰ প্ৰদেশত পথ দুৰ্ঘটনাত ২৪জন প্ৰৱাসী শ্ৰমিকৰ মৃত্যু

লক্ষ্ণৌ, ১৬মে’: কোৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ দেশজুৰি চলি থকা লকডাউনৰ সময়ছোৱাত সবাতোকৈ অধিক প্ৰভাৱিত হৈছে দেশৰ বিভিন্ন স্থানত কৰ্মসন্ধানত যোৱা প্ৰৱাসী শ্রমিকসকল। লকডাউনৰ বাবে লাখ লাখ প্ৰৱাসী শ্রমিকে জীৱিকা হেৰুৱাবলগীয়া হোৱাত এতিয়া তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা লেখীয়া অৱস্থাৰ সৃষ্টি হৈছে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰৱাসী শ্ৰমিকসকলে। চৰকাৰে তেওঁলোকক সহায় কৰাৰ কথা প্ৰকাশ কৰি আছে যদিও বাস্তৱত তাৰ ওলোটা ছবি দেখিবলৈ পোৱা গৈছে। খাদ্য সংকটত পৰা লাখ লাখ প্ৰৱাসী শ্ৰমিকে কৰ্মস্থলিৰ পৰা নিজ নিজ গাঁও অথবা ৰাজ্যলৈ বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে। তেওঁলোকেও জানে এই যাত্ৰাত পদে পদে বিপদ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ পিছতো তেওঁলোকে এনে যাত্ৰাই বাছি লৈছে নিজ ঘৰলৈ বুলি। যিহেতু তেওঁলোকৰ হাতত খাবলৈ নাই এমুঠি অন্ন,হাতত নাই ধন। এনে স্থলত তেওঁলোক উপাইবিহীন। ইয়াৰ উপৰিও আছে ঘৰৰ ভাড়া। ফলত হাজাৰ বিপদ বিঘিনি অতিক্ৰম কৰি শ শ কিলোমিটাৰ খোজকাঢ়ি, চাইকেল চলাই, গৰু গাড়ীত উঠি, ট্ৰাক আদিত উঠি ঘৰমুৱা যাত্ৰা অব্যাহত ৰাখিছে। অৰ্থাৎ দেশৰ ভিতৰত দৈনিক প্ৰৱাসী শ্ৰমিকৰ পলায়ন যাত্ৰা অব্যাহত আছে। চৰকাৰে তেওঁলোকৰ বাবে বিশেষ ৰেল সেৱা সুবিধা কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয়। ৰেলত উঠি ঘৰমুৱা যাত্ৰা কৰিবলৈ হলে কেইবাদিন অপেক্ষা অথবা যাত্ৰীৰ দীঘলীয়া শৰীৰ মুখামুখি হ’ব লাগিব। পেটৰ ভোকত নতুনকৈ এনে পৰিস্থিতিত মুখামুখি হোৱা ধৈৰ্য নাই তেওঁলোকৰ। ফলত ঘৰলৈ বুলি যিয়ে যেনেকৈ যোগাৰ কৰিব পাৰিছে তেনেকৈয়ে যাত্ৰা অব্যাহত ৰাখিছে। এনে যাত্ৰা দেশজুৰি চলি থাকোতে আজি পুৱতি নিশা উত্তৰ প্ৰদেশত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।এই পথ দুৰ্ঘটনাত ২৪জন প্ৰৱাসী শ্ৰমিকৰ মৃত্যু ঘটাৰ বিপৰীতে আন বহুজন গুৰুতৰ ভাৱে আহত হয়। দুখন ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত ২৪জন শ্ৰমিকে প্ৰাণ হেৰুৱাই। ঘটনাতো উত্তৰ প্ৰদেশৰ ঔৰায়া(Auraiya)ত পুৱতি নিশা প্ৰায় তিনি বজাত সংঘটিত হয়। জানিব পৰা মতে তেওঁলোক বিহাৰ,পশ্চিমবঙ্গ আৰু ঝাৰখণ্ডলৈ নিজ কৰ্মক্ষেত্ৰৰ পৰা উভতি গৈ আছিল। ঘেঁহুৰ বস্তাভৰ্তি  ট্ৰাক এখনত উঠি নিজ ৰাজ্যলৈ বুলি গৈ থকা অৱস্থাত ঔৰায়াত অন্য এখন ট্রাকৰে সংঘৰ্ষ হয়। এই শোকাবহ দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। তেওঁ লগতে আহত সকলক উপযুক্ত চিকিৎসা কৰাৰ নিৰ্দেশ দিছে।লকডাউনৰ মাজত এনে দুৰ্ঘটনা সঘনাই ঘটিবলৈ ধৰিছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ বহুকেইটা দুৰ্ঘটনা সংঘটিত  হৈছে। য’ত বহু কেইজন প্ৰৱাসী শ্ৰমিকৰ প্ৰাণ হানি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *