Friday , September 25 2020
শেহতীয়া খবৰ

উপৰ উৱনত বৃহৎ পৰিমানৰ ব্ৰাউন ছুগাৰসহ দুজনক গ্ৰেপ্তাৰঃ

গণ বাৰ্তা, ডুমডুমা, ১৪ ছেপ্তেম্বৰ :  তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত উপৰ ওৱনৰ সমীপৰ এটা ভাড়াঘৰত বৃহৎ পৰিমানৰ ড্ৰাগছসহ এজন পুৰুষ আৰু এগৰাকী মহিলাক আটক কৰে।  তিনিচুকীয়া জিলা উপ আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বতত অহা আৰক্ষীৰ এটা অভিযানকাৰী দলে ড্ৰাগছ সহ দুয়োগৰাকীক গ্ৰেপ্তাৰ কৰে ৷ উপৰ ওৱনৰ কাকপথাৰৰ ৰাজহুৱা স্মশানৰ সন্মুখৰ এটা ভাৰাঘৰৰ পৰা জব্দ কৰে ৩৯ গ্ৰাম ব্ৰাউন ছুগাৰ, ৪১৫০০ নগদ টকা আৰু এখন ছুইফট ডিজায়াৰ গাড়ী। স্বামী-স্ত্ৰী বুলি চিনাকী দিয়া পুৰুষ-মহিলা দুগৰাকী ক্ৰমে বিপ্লৱ চক্ৰৱতী(38) আৰু নেহাই ইনলিং চক্ৰৱতী(27) বুলি প্ৰকাশ পাইছে ৷ বিপ্লৱ চক্ৰবৰ্তীৰ ঘৰ তিনিচুকীয়াত বুলি জানিবলৈ দিয়াৰ বিপৰীতে মহিলা গৰাকী নামচাই দুইমাইলৰ বুলি আৰক্ষীক জনাইছে ৷  তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধিক্ষক বিতুল চেতিয়াৰ নেতৃত্বত চলা এই গোপন অভিযানত জব্দ কৰিছে এখন AS 23 P 8418 নম্বৰৰ ব্যক্তিগত বাহনো ৷ ইতিমধ্যে আৰক্ষী দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ এই অভিযানক ৰাইজে একেমুখে প্ৰসংশা কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *