Home Editor's Pick উৎকোটচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আৱকাৰী অধীক্ষকসহ দুজন

উৎকোটচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আৱকাৰী অধীক্ষকসহ দুজন

84
0

গণ বাৰ্তা, ডুমডুমা, ৬ মে’:  পুনৰ সক্ৰিয় হৈ পৰিছে দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখা। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আজি তিনিচুকীয়াত অভিযান চলাই তিনিচুকীয়া জিলা আবকাৰী অধীক্ষক মানসজ্যোতি দাসক উৎকোচ লোৱাৰ অভিযোগত নিজ কাৰ্যালয়ত হাতে-লোটে আটক কৰে। তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সংলগ্ন আবকাৰী অধীক্ষকৰ কাৰ্যালয়ত দাসক জেৰা চলায় দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই। তেওঁৰ লগতে ব্যক্তিগত পিয়ন অৰ্জুন বাছফোৰ নামৰ এজনকো আটক কৰে। অভিযোগ মতে তিনিচুকীয়া জিলাৰ প্ৰতিখন সুৰাৰ বিপণীৰ পৰা আবকাৰী অধীক্ষকৰ নামত মাহেকত দুই হাজাৰ টকাকৈ উৎকোচ লৈ আহিছিল। শেহতীয়াকৈ সুৰাৰ বিপণীৰ স্বত্বাধিকাৰীসকল অতিষ্ঠ হৈ দুৰ্নীতি নিবাৰক শাখাক দিয়া অভিযোগৰ ভিত্তিত আজি বিভাগটোৰ এগৰাকী উপ আৰক্ষী অধীক্ষক, তিনিগৰাকী পৰিদৰ্শকৰ নেতৃত্বত ১৩জনীয়া এটা দলে অভিযান চলাই হাতে-লোটে অধীক্ষকসহ দুজনক আটক কৰে। অভিযোগ মতে অধীক্ষকগৰাকীৰ হৈ কমিছন সংগ্ৰহ কৰিছিল অৰ্জুন বাছফোৰ নামৰ যুবকজনে ।

জানিব পৰা মতে বিষয়াগৰাকী ধুবুৰীৰ পৰা কিছুদিন পূৰ্বে তিনিচুকীয়ালৈ বদলি হৈ আহিছিল। উল্লেখযোগ্য যে তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপণী আৰু বাৰ-ৰেষ্টুৰেণ্টৰ পৰা, বিভিন্ন উৎসৰ পৰা প্ৰতিমাহে ২,০০০ টকাকৈ আৰু বৃহৎ কমিছন সংগ্ৰহ কৰে বুলিও অভিযোগ উঠিছিল । জানিব পৰা মতে তিনিচুকীয়া জিলাত ১৪০খন সুৰাৰ বিপণী আৰু ২৪খন বাৰ- ৰেষ্টুৰেণ্ট আছে। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ জালত পৰা আবকাৰী অধীক্ষক মানসজ্যোতি দাসৰ ঘৰ নলবাৰীত হোৱাৰ বিপৰীতে অৰ্জুন বাছফোৰৰ ঘৰ তিনিচুকীয়াত। তেওঁ আবকাৰী বিভাগৰ কৰ্মচাৰী নহয় যদিও বাছফোৰৰ দ্বাৰাই সমস্ত কমিছনৰ লেন-দেন হৈ থকা বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে আবকাৰী বিভাগৰ স্থায়ী কৰ্মচাৰী নোহোৱা সত্ত্বেও জিলা আবকাৰী বিভাগত এজন বিষয়াৰ দৰে উঠিৰজা-বহিৰজা হৈ আছিল। আটক কৰা দুয়োজনকে দুৰ্নীতি আৰু অপৰাধ অনুসন্ধান শাখাই গুৱাহাটীলৈ লৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here