Home Main Stories এই জয় অসমৰ জসাধাৰণ জয়, ভাল কামৰ ফলাফল সদায়েই ভাল হয় :...

এই জয় অসমৰ জসাধাৰণ জয়, ভাল কামৰ ফলাফল সদায়েই ভাল হয় : মুখ্যমন্ত্ৰী

138
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’ ঃ বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ দলসমূহৰ প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰি পুনৰবাৰ ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ দিশত সবল জনমত প্ৰদানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমূহ অসমবাসীকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এই জয় অসমৰ জনসাধাৰণৰ জয়। ভাল কামৰ ফলাফল সদায়েই ভাল হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণক আস্থা আৰু বিশ্বাসত লৈ ৰাজ্যখনৰ সামগ্ৰিক উত্তৰণৰ বাবে যেনেধৰণৰ কাম-কাজ কৰিছিল এই নিৰ্বাচনৰ ফলাফলে তাকেই প্ৰমাণ কৰাৰ লগতে চৰকাৰখনৰ জনসাধাৰণৰ মাজত থকা জনপ্ৰিয়তাকে পুনৰবাৰ প্ৰতিপন্ন কৰিছে।

মুখ্যমন্ত্ৰীয়ে লগতে বিগত ৫ বছৰ চৰকাৰখনক সকলো সময়তে অকুণ্ঠ সহযোগিতা আগবঢ়াই এক গতিশীল চৰকাৰ হিচাপেআগবঢ়াই নিয়াৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলীৰ প্ৰতিগৰাকী সদস্যকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে লগতে বিজেপিৰ সমূহ কৰ্মকৰ্তা, মিত্ৰদল অগপ, ইউ পি পি এলৰ নেতৃবৃন্দৰ লগতে সমূহ কৰ্মকৰ্তাকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here