শেহতীয়া খবৰ

একেদিনাই বৰপেটালৈ আহিল ৩৬৬ জন লোকঃ  ফখৰুদ্দিন আলি আহমেদ মেডিকেলত চাৰিজন আক্ৰান্তক ভৰ্তি

দৈনিক গণঅধিকাৰ, হাউলীঃ কালি ধুবুৰী জিলাৰ চাপৰৰ এজন কৰোনা আক্ৰান্ত ৰোগীক বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱাৰ পিছত আজি আন তিনিজন নতুন ৰোগীক ভৰ্তি কৰোৱা হয়। ইয়াৰে এজন বৰপেটা জিলাৰে হাউলীৰ ওচৰৰ পৰব হাৰাল গাঁৱৰ বাসিন্দা হোৱাৰ বিপৰীতে আন দুজন নলবাৰী আৰু বাক্সা জিলাৰ বুলি চিকিৎসালয়খনৰ উপ অধীক্ষক ডা: এইছ দাসৰ উদ্ধৃতিৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।
আটাইকেইজন ৰোগীৰ বহি:ৰাজ্যৰ পৰা আহি কোকৰাঝাৰ জিলাত কোৱাৰেন্টাইন হৈ থাকোতে কোভিড ১৯ ধৰা পৰাত আজি তেওঁলোকক ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰোৱা হয়। তেওঁলোক হল বৰপেটা জিলাৰ নজৰুল ইছলাম (২৯), নলবাৰী জিলাৰ ছহিদুল ইছলাম (২০) আৰু বাক্সাৰ তিলক লামা (২০)। হাউলীৰ সুকমানাহ অঞ্চলৰ বাসিন্ধা নজৰুল ইছলামে কিছু দিন পূৰ্বে অন্ধ্ৰপ্ৰদেশৰ পৰা গাড়ীৰে আহি থাকোতে কোকৰাঝাৰ জিলাত কোৱাৰেন্টাইন হৈ আছিল।
ইফালে বহিৰ্ৰাজ্যত থকা  বৰপেটা জিলাৰ আজি সৰ্বাধিক ৩৬৬ জন লোকৰ প্ৰত্যাগমন হৈছে। ইয়াৰে শ্ৰীৰামপুৰ হৈ অহা ২২৮ জনক সৰভোগৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ আবাসত ৰখাৰ বিপৰীতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৫৩ জনক ৰখা হৈছে। জিলা তথ্য আৰু জনসংযোগ বিষয়াই এই কথা প্ৰকাশ কৰি জনাইছে যে ৬৬ জনক ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ত, ৪ জনক পাঠশালাৰ অলকানন্দা হোটেলত আৰু আন ৮ জনকো পাঠশালাতে ৰখা হৈছে।
চাৰিটি শিশু সহ তিনিগৰাকী মহিলাক হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে।  ইয়াকে লৈ যোৱা ১৫ মে’ৰ পৰা এতিয়ালৈ বহি:ৰাজ্যৰ পৰা বৰপেটালৈ অহা লোকৰ সংখ্যা ৬৮৪ জন হলগৈ। ইয়াৰে প্ৰথমদিনা অহা ৪৯ জনৰ কোভিড পৰীক্ষাৰ ফলাফল নেতিবাচক হোৱাত কালি তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হয়। তদুপৰি কালি আৰু পৰহি অহা ছয়টি শিশুৰ সৈতে চাৰিগৰাকী মহিলাকো প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনৰ পৰিবৰ্তে  হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *