Thursday , August 13 2020
শেহতীয়া খবৰ

এখন বিয়াই কঁপাইছে যোৰহাট

গণ বার্তা ,যোৰহাট, ২৫  জুনঃ  এখন বিয়াই এতিয়া কঁপাইছে যোৰহাট নগৰ । যোৰহাটৰ কোৰো’না সংক্ৰমণৰ অন্যতম স্থান ৰূপে যেন পৰিগণিত হবলৈ গৈ আছে এতিয়া এইখন বিয়া। আনকি যোৰহাট জিলা প্ৰশাসন বাধ্য হৈছে দৰা কইনাৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ। বিগত ১৬ জুনত অনুষ্ঠিত হৈছিল এই বিয়াখন। জিলা প্ৰশাসনৰ সকলো নীতি নিয়ম উলংঘা কৰি সম্পন্ন হোৱা যোৰহাটৰ এই বিয়াখনত সমবেত  প্ৰায় পাঁচ শতাধিক লোক সমবেত হোৱাৰ অভিযোগ উঠিছে ।যোৰহাটৰ ১নং সোনাৰী গাঁৱত অনুষ্ঠিত এই বিয়াতে উপস্থিত আছিল কো’ৰোনাত আক্ৰান্ত লক্ষ্যজিৎ বৰদলৈ নামৰ যুৱকজন। তাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলতে। যোৰহাট জিলা প্ৰশাসনে কন্টেইন্টমেন্ট জ’ন ৰূপে ঘোষণা কৰিছিল ১নং সোনাৰী গাঁৱৰ ১নং উপপথ। এই বিবাহত উপস্থিত থকাৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়েও নিজকে হোম কুৱাৰেন্টিইন কৰিবলৈ বাধ্য হৈছিল । সাম্প্রতিক  দৰা কইনা দুয়োগৰাকীৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে আইনী ব্যবস্থা গ্ৰহণ কৰিছে।  under u/s 3 of Epidemic Diseases Act 1897, 51(b) of Disaster Management Act 2005 and 188 IPC ত পেনদামিক কভিড ১৯ৰ নিয়ম ভংগ কৰাৰ অভিযোগত দৰা মানস দত্ত আৰু কইনা লীমাশ্ৰী বৰুৱাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে যোৰহাট জিলা প্ৰশাসনে। আনহাতে এতিয়াৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন বিয়া তদাৰক কৰিব জিলা প্ৰশাসনে। তদুপৰি শপত নামা দিব লাগিব দৰা কইনাই।

Leave a Reply

Your email address will not be published. Required fields are marked *