Friday , September 25 2020
শেহতীয়া খবৰ

এটা দিনত ভাৰতত সৰ্বাধিক ১৩,৫৮৬ জন কোৰোনাত আক্ৰান্ত

বিশ্বজুৰি কোৰোনা মহামাৰীত আক্ৰান্তৰ সংখ্যা ৮৬ লাখলৈ বৃদ্ধি, ৪৫৭,০২৯ জনৰ মৃত্যু

বছৰৰ অন্তিম ভাগত বিশ্ববাসীয়ে লাভ কৰিব কোৰোনা ভেকচিন : বিশ্ব স্বাস্থ্য সংস্থা

নতুন দিল্লী : অস্বাভাৱিক হাৰত ভাৰতত দৈনিক কোৰোনা ভাইৰাছ মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। লকডাউন শিথিল কৰি আনলক ঘোষণা কৰাৰ পিছৰে পৰাই দেশত প্ৰতিদিনেই অস্বাভাৱিক হাৰত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত পূৰ্বৰ আক্ৰান্ত সংখ্যাৰ সকলো অভিলেখ ভংগ কৰি এটা দিনত ১৩,৫৮৬জন লোক আক্ৰান্ত হয়। ফলত ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩,৮০,৫৩২জনলৈ বৃদ্ধি পাইছে। ভাৰতত যোৱা ২৪ ঘণ্টাত ৩৩৬ জন লোকৰ ক’ভিড-১৯ত প্ৰাণহানি হৈছে। ফলত ভাৰতত এই মহামাৰীত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ১২,৫৭৩ জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে ভাৰতত মুঠ ৩,৮০,৫৩২ জন কোৰোনাত আক্ৰান্তৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৬৩,২৪৮ জন। আনহাতে এতিয়ালৈ এই মহামাৰীৰ পৰা দেশত ২,০৪,৭১১ জন সুস্থ হৈ উঠিছে। উল্লেখ্য যে ভাৰতত সৰ্বাধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত এতিয়ালৈ ১,২০,৫০৪ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৫,৭৫১ জনৰ প্ৰাণহানি হৈছে। আক্ৰান্তৰ তালিকাত দেশৰ দ্বিতীয় স্থানত থকা তামিলনাডুত ৫২,৩৩৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৬২৫ জনৰ প্ৰাণহানি হৈছে। দিল্লীত ৪৯,৯৭৯ জন কোৰোনা মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৯৬৯ জনৰ প্ৰাণহানি হৈছে। আনহাতে গুজৰাটত ২৫,৬০১ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১,৫৯১ জনৰ প্ৰাণহানি হৈছে। এনেদৰে আন ৰাজ্যসমূহতো দৈনিক কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যু ঘটা লোকৰ সংখ্যাও বৃদ্ধি পাইছে। উল্লেখ্য যে সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮৬,১৫,০০৮ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৪৫,৬২,৩৪২ জন সুস্থ হৈ উঠিছে। আনহাতে সমগ্ৰ বিশ্বত এই মহামাৰীত মৃত্যু ঘটা লোকৰ সংখ্যা ৪,৫৭,০২৯ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বত মুঠ কোৰোনাত আক্ৰান্তৰ ৯১ শতাংশ সুস্থ হৈ উঠাৰ বিপৰীতে ৯ শতাংশৰহে কেৱল এই মহামাৰীত প্ৰাণহানি হৈছে। বিশ্বৰ দেশসমূহৰ ভিতৰত এই মহামাৰীত সৰ্বাধিক লোক আক্ৰান্ত হৈছে আমেৰিকাত। মাৰ্কিন যুক্তৰাষ্ট্ৰত ২২,৬৪,৩০৭ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ১,২০,৬৯১ জনৰ প্ৰাণহানি হৈছে। দ্বিতীয় স্থানত থকা ব্ৰাজিলত ৯,৮৩,৩৫৯ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭,৮৬৯ জনৰ প্ৰাণহানি হৈছে আৰু তৃতীয় স্থানত থকা ৰাছিয়াত ৫,৬৯,০৬৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ৭,৮৪১জনৰ মৃত্যু ঘটিছে। এই তালিকাত ভাৰত চতুৰ্থ স্থানত আছে। সমগ্ৰ বিশ্বজুৰি কোৰোনা মহামাৰীৰ প্ৰকোপ অব্যাহত থকাৰ সময়ছোৱাতে বিশ্ববাসীলৈ এক সুখবৰ আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি বছৰৰ শেষৰ ফালে কোৰোনা ভাইৰাছৰ ভেকচিন উদ্ভাৱন হৈ উঠাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ভেকচিনৰ দ্বাৰা কোৰোনাত প্ৰভাৱিত লোকসকলক সুস্থ কৰি তুলিব পৰা যাব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈ কোৰোনাৰ কোনো ভেকচিন উদ্ভাৱন হৈ উঠা নাই যদিও বিশ্বৰ বিশেষজ্ঞসকলে ২০০তকৈও অধিক ভেকচিন উদ্ভাৱন কাৰ্যত জড়িত হৈ আছে। ইতিমধ্যে ইয়াৰ দহটা ভেকচিন মানৱ দেহৰ ওপৰত পৰীক্ষা চলাইছে। আনহাতে চীনতো ব্যাপক হাৰত কোৰোনা ভেকচিন উদ্ভাৱনৰ কাম চলি আছে। দেশখনত এতিয়ালৈ পাঁচটা ভেকচিন ক্লিনিকেল ট্ৰায়েল কৰাৰ অনুমতি দিছে। দেশখনৰ চৰকাৰে আজি প্ৰকাশ কৰা অনুসৰি তেওঁলোকে উদ্ভাৱন কৰা পাঁচটা কোৰোনা ভেকচিন ক্লিনিকেল ট্ৰায়েলৰ অনুমতি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *