Thursday , August 13 2020
শেহতীয়া খবৰ

এদিনত পুনৰ ১৮জনৰ দেহত মাৰাত্মক কোৰোনা, ৰাজ্যত কোৰোনা আক্ৰান্তৰ সংখ্যা ২৩০লৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছে দেশৰ লগতে অসমতো সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। অসমত সন্ধিয়াৰ ভাগলৈকে কোৰোনা আক্ৰান্ত লোকৰ সংখ্যা ২৩০লৈ বৃদ্ধি পাইছে। আজি দিনৰ ভাগত অসমত পুনৰবাৰ ১৮জন লোকৰ দেহত কোৰোনা ধৰা পৰে। তেজপুৰ কোৱাৰেণ্টাইন চেণ্টাৰত থকা ছজন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ লগতে এম এম চি এইচত এজন, শিলচৰ মেডিকেল কলেজত এজন আৰু কাছাৰত ছজন লোকৰ দেহত কোৰোনা ধৰা পৰে। কাছাৰ আৰু হাইলাকান্দিত এজনকৈ লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰাৰ লগতে যোৰহাটত কোৱাৰেণ্টাইনত থকা দুজন লোকৰ দেহত কোৰোনা ধৰা পৰে।

আজি সন্ধিয়া সাত বজালৈকে অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ২৩০জন। কোৰোনা ৰোগী সুস্থ্য হৈ ইতিমধ্যে ৫৪জনে ঘৰলৈ উভতি গৈছে। এতিয়ালৈকে ১৬৯জন ৰোগী চিকিৎসাধীন হৈ আছে। কোৰোনাত আক্ৰান্ত হৈ চাৰিজনৰ মৃত্যু হৈছে। মন কৰিবলগীয়া যে আজি দিনৰ ভাগত কোৰোনাত আক্ৰান্ত আটাইকেইজনে আছিল বহিঃৰাজ্যৰ পৰা অহা। তেওঁলোকক সম্পূৰ্ণৰূপে কোৱাৰেণ্টাইনত ৰখা হৈছিল। নমুনা পৰীক্ষা কৰাৰ অন্তত ১৮জনৰ দেহত কোৰোনা ধৰা পৰে।

উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ভিতৰত সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে। যি হাৰত অসমলৈ আগমন ঘটিছে তাক লৈ আতংকিত হৈ পৰিছে অসমবাসী। যাতে মাৰাত্মক কোৰোনাৰ সংক্ৰমণ হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱাৰেণ্টাইনৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নহ’ব বুলি ঘোষণা কৰিছে। প্ৰতিগৰাকী লোকেই কোৱাৰেণ্টাইনত থাকিব লাগিব। বহিঃৰাজ্যৰ পৰা অহা লোক যদি কোৱাৰেণ্টাইন নামানে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *