শেহতীয়া খবৰ

এদিনত ১১১জনৰ দেহত মাৰাত্মক কোৰোনা, অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ১৬৭২লৈ বৃদ্ধি

দৈনিক গণঅধিকাৰঃ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কোৰোনাই। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। আজি অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৬৭২লৈ বৃদ্ধি পাইছে। আজিৰ দিনটোত অসমত ১১১জন লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰা অনুসৰি ধুবুৰীৰ ৬৬জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে গোলাঘাটত ১৮, নগাঁৱত চাৰি, দৰঙত ১৩, কৰিমগঞ্জত পাঁচ, শোণিতপুৰত তিনি আৰু লখিমপুৰত দুজন লোক কোৰোনাত আক্ৰান্ত হৈছে।

দিনৰ ১.৫৫লৈকে মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি অসমত কোৰোনা আক্ৰান্তৰ সংখ্যা ১৬৭২লৈ বৃদ্ধি পাইছে। একেদৰে আজি ৬৬জন কোৰোনা ৰোগীক মুকলি কৰি দিয়া হয়। আৰোগ্য লাভ কৰাসকলক হাস্পতালৰ পৰা ঘৰলৈ যাব দিয়া হয়। সোণাপুৰ চিভিল হাস্পতালৰ পৰা ৩৯জন, ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা দহজন, ডিমা হাছাও চিভিলৰ পৰা সাতজন, জি এম চি এইচৰ পৰা চাৰিজন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা দুজন, যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰা তিনিজন, এম এম চিৰ পৰা এজন আৰু গোলাঘাটৰ পৰা এজন আৰোগ্য ৰোগীক মুকলি কৰি দিয়া হৈছে।

বৰ্তমানলৈকে অসমত ১২৬১জন কোৰোনা ৰোগী হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৪০৪জন কোৰোনা ৰোগী সুস্থ হৈছে। চাৰিজন লোকে মৃত্যুক আকোৱালি লৈছে। মন কৰিবলগীয়া যে অসমত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা অভাৱণীয় হাৰত বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি সৰ্বত্ৰে এতিয়া অব্যাহত আছে আতংক।

 

Leave a Reply

Your email address will not be published. Required fields are marked *