শেহতীয়া খবৰ

এদিনত ৭০ জনৰ দেহত মাৰাত্মক কোৰোনা, অসমত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৩২৯

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ  মাৰাত্মক কোৰোনা ভাইৰাচে দেশৰ লগতে অসমতো ভয়াবহ ৰূপ ধাৰণ কৰিছে। মূলত কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি বহিৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমত প্ৰৱেশ কৰাৰ পিছতেই কোৰোনাৰ ভয়াবহ সংক্ৰমণ দেখা দিছে। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ অসমখন এক জটিল পৰিৱেশৰ দিশে গতি কৰিছে। মুহূৰ্তৰ ভিতৰতেই হোৰাহুৰে বাঢ়িছে আক্ৰান্তৰ সংখ্যা। অতি তাৎপৰ্যপূৰ্ণ যে আজি পুৱাৰ পৰা বিয়লি ভাগলৈকে অসমত ৭০জন লোক কোৰোনাত আক্ৰান্ত হৈছে।

মাত্ৰ পাঁচ ঘণ্টাৰ ব্যৱধানত অসমত ৭০জনকৈ লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। সম্প্ৰতি অসমত কোৰেনা আক্ৰান্ত ৰোগীয়ে তিনি শতাধিক অতিক্ৰম কৰিছে। অৰ্থাৎ অসমত কোৰোনা আক্ৰান্তৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ৩২৯লৈ। আজি পুৱা ১১ বজাৰ পৰা বিয়লি ৫ বজালৈ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ৭০জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথা সদৰি কৰিছে। শেহতীয়াকৈ অসমত যি হাৰত কোৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। তাক লৈ সৰ্বত্ৰে এতিয়া আতংক বিৰাজ কৰিছে।

আজি আক্ৰান্ত হোৱা আটাইকেইজন কোৰোনা ৰোগীয়ে কোৱাৰেণ্টাইনত আছে। পুৱাৰ ভাগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি সৰুসজাইত কোৱাৰেণ্টাইনত থকা ৪৪জন, হোজাইত ৬জন, ডিমাহাছাউত ৭জন, মৰিগাঁৱত ৪জন, ধুবুৰীত এজন, কাছাৰত ২ জন, নলবাৰীত এজন, গোলাঘাট, যোৰহাট আৰু নগাঁৱত এজনকৈ লোক কোৰোনাত আক্ৰান্ত হয়। বৰ্তমান ২৬৮ গৰাকী কোৰোনা ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈছে। ইতিমধ্যে ৫৪জন লোকক চিকিৎসাৰ পৰা মুকলি কৰি দিয়া হৈছে। চাৰিজন কোৰোনা ৰোগীয়ে মৃত্যুক আকোৱালী লৈছে। যি কি নহওক, কোৰোনা ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি পোৱাৰ বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ। আজি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমস্ত বিষয়টো পৰ্যবেক্ষণ কৰে। আজিৰে পৰা নতুনকৈ কোৰোনা ৰোগীৰ বাবে যক্ষ্মা চিকিৎসালয়খনত মুকলি কৰে। মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়কন পৰিৰ্দশন কৰি সাংবাদিকৰ আগত কয় যে এম এম চি হাস্পতালত আন কোৰোনা ৰোগীৰ বাবে বিছনা নাইকিয়া হৈছে। সেয়ে সৰুসজাইত নতুনকৈ চিনাক্ত হোৱা কোৰোনা ৰোগীৰ বাবে কালাপাহাৰৰ যক্ষ্মা চিকিৎসালয়খন মুকলি কৰা হৈছে। ১২০ জন ৰোগীৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৰুতৰভাৱে অসুস্থ ৰোগীৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন ৰখা হৈছে।

যিসকল গুৰুতৰ ৰোগী, সেইসকলক জি এম চি এইচত ভৰ্তি কৰোৱা হ’ব। মন্ত্ৰীগৰাকী লগতে কয় যে অসম এতিয়া নিৰাপদ স্থান বুলি ভবাটো উচিত নহয়। অসমখন সুৰক্ষিত নহয়। নিৰাপদ বুলি ভাবি যিসকল আহিব বিচাৰিছিল, সেইসকলে পুনৰ সিদ্ধান্ত সলনি কৰক বুলি মন্ত্ৰীগৰাকীয়ে আহবান জনায়। তেওঁ লগতে আৰু কয় যে ৰাজ্য চৰকাৰে যেতিয়া শৃংখলাবদ্ধভাৱে বহিঃৰাজ্যৰ লোকসকলক আনিছে সেই সময়ত কোৰোনা ৰোগী চিনাক্ত হোৱা নাছিল। যেতিয়াৰে পৰা ট্ৰাককে আদি কৰি আন বাহনত পাণ জপা দি মানুহ আহিব ধৰিছে, তে¸তিয়াৰে পৰা অসমৰ এই অৱস্থা। সকলোকে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহবান জনায়।

আনহাতে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক নিজ নিজ অঞ্চলতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। গুৱাহাটী মহানগৰীত পূৰ্বে ১৫টাকৈ অঞ্চল কেণ্টইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল। ইয়াৰে দুটা অঞ্চল প্ৰত্যাহাৰ কৰিছে। সামাজিক দূৰত্ব আৰু মাক্স নিপিন্ধাসকলৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব বুলি ঘোষণা কৰিছে। যিসকলে নীতি-নিয়ম ভংগ কৰিব তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *