Sunday , September 20 2020
শেহতীয়া খবৰ

ঐতিহাসিক গোঁহাই আলিৰ জৰাজীৰ্ণ ৰূপে জীয়াতু ভোগাইছে পথচাৰীক এজাক বৰষুণতে বুৰ গল পথছোৱাৰ কেইবাটাও অংশ জনপ্ৰতিনিধিৰ নীৰৱ ভূমিক‍া

গণ বাৰ্তা: বাদুলিপাৰ, ১৬ ছেপ্তেম্বৰ :  গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত বাদুলিপাৰৰ মাজ-মজিয়ায়েদি যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দক্ষিণ দিশে (বাদুলিপাৰ-গোলাঘাট)সংযোগী গড়কাপ্তানী বিভাগৰ ঐতিহাসিক গোঁহাই আলিৰ পথছোৱ‍াত আজি অহা এজাক বৰষুণত পথছোৱাৰ বহু অংশ বুৰ যায়।উল্লেখ্য যে মেৰামতিৰ অভাৱতেই হওক বা সমষ্টি বিধায়কৰ অমনোযোগীতাৰ বাবেই হওক বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক “গোহাঁই আলি”পথৰ জৰাজীৰ্ণ ৰূপে জ্বলা কলা খুৱাইছে পথচাৰীক ৷ বাদুলিপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা চেউনি কমাৰ গাওঁ , চেউনি গাঁও ,কৰুনাটিং বাগিচা , দৰিয়া বাগিচা হৈ বুঢ়ালিকচন গাঁও , বেতিয়নি সন্দিকৈ গাঁৱৰ মাজেৰে গৈ গোলাঘাটৰ পদুমনিৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ সংযোগী ২৫ কি.মি দৈৰ্ঘৰ পকী পথছোৱা গড়কাপ্তানী বিভাগৰ গোলাঘাট পথ সংমণ্ডল আৰু দেৰগাওঁ উপ-পথ সংমণ্ডলৰ অধীনৰ । বহুবছৰৰ আগতে উল্লিখিত পথেৰে ৰঙাগড়াৰ পৰা ৰাজ্যিক পৰিবহণ নিগমৰ এখন আৰু ব্যক্তিগত ৪ খন বাছ নিতৌ গোলাঘাট চহৰলৈ অহা যোৱা কৰিছিল ৷ যেতিয়াৰে পৰা পথছোৱাত পুখুৰী সদৃশ গাঁঁতৰ সৃষ্টি হ’ল তেতিয়াৰে পৰা সেই পথৰে কোনো ধৰণৰ বাছ সেৱা নোহোৱা হৈ পৰিল ৷ ফলত সৰ্বসাধাৰণ পথচাৰীৰ লগতে বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষ অসুবিধা সন্মুুখীন হৈ আহিছে ৷ সমগ্ৰ অসমতে যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ পাছতো এনে এটা গুৰুত্বপূৰ্ণ পথ আজিও যাতায়তৰ উপযোগী হৈ নুঠাটো চৰম পৰিতাপৰ বিষয় বুলি ভুক্তভোগী ৰাইজে মন্তব্য কৰিছে ৷ বিষয়ৰ সন্দৰ্ভত বহুবাৰ বৈদ্যুতনিক মাধ্যম আৰু চপা মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতো গড়কাপ্ত‍ানী বিভাগ কিম্বা সমষ্টি বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ পথছোৱাৰ প্ৰতি দৃষ্টি আকৰ্ষন নহল। আগন্তুক অসম বিধানসভা নিৰ্বাচন (২০২১)লৈ মাজত মাথো কেইটামান মাহ বাকি।সকলো ৰাজনৈতিক দলে এতিয়া নিৰ্বাচনী যুজৰ প্ৰচাৰৰ আখৰাত ব্যস্ত।স্থানিয় ৰাইজৰ দাবী এইযে আগন্তুক নিৰ্বাচনৰ পূৰ্বে পথটোৰ সুচল ব্যৱস্থা নকৰিলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত ৰাইজৰ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *