Sunday , September 20 2020
শেহতীয়া খবৰ

ঐতিহাসিক বেলেসিদ্ধিয়া সত্ৰৰ মহিয়সী নাৰী ” মামণি ৰয়ছম গোস্বামী বঁটা” প্ৰাপক ইন্দ্ৰানী গোস্বামী স্মৰণিকা ” মহিয়সী”  উন্মোচন

পৰাণজ্যোতি বৰা, মাজুলী   : মাজুলীৰ ঐতিহাসিক বেলেসিদ্ধিয়া সত্ৰৰ এগৰাকী বহু গুণস্পন্ন মহিলা আৰু বৰ্তমান‌ কমলাবাৰীৰ সমীপস্থ কমলপুৰ গাঁৱৰ বাসিন্দা প্ৰয়াত ইন্দ্ৰানী গোস্বামীৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষে সমীৰণ গোস্বামীয়ে সম্পাদনা কৰা” মহিয়সী ” নামৰ স্মৰণিকা উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই। উন্মোচনী ভাষণত ভূঞাই কয় একাধাৰে সমাজসেবিকা, বিশিষ্ট লেখিকা, সত্ৰীয়া সংগীতৰ গুণবান শিল্পী প্ৰয়াত গোস্বামীয়ে মহিলা সকলক সংগঠিত কৰি স্বাবলম্বী ,সঞ্চয়, সংস্কাৰ আদি বিষয়ত আত্মনিয়োগ কৰাৰ উপৰিও মাজুলী জিলা লেখিকা সমাৰোহ সমিতি, মাজুলী জিলা সাহিত্য সভাৰ লগতো জড়িত আছিল।  মামনি ৰয়ছম গোস্বামী স্মাৰক বটাৰে বিভুষিত এইগৰাকী মহীয়সী নাৰী কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে । মাজুলী আউনীআটী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ ননীগোপাল গোস্বামীয়ে আঁত ধৰা অনুস্থানটোত  বেলেসিদ্ধিয়া সত্ৰৰ সত্ৰাধিকাৰ নন্দদুলাল গোস্বামী প্ৰমূখ্যে বহুকেইজন গন্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত আছিল। ( পৰাণজ্যোতি বৰা, মাজুলী  | ৭ ছেপ্টেম্বৰ )

Published  on : Sep 7, 2020 at 18:34
Updated  on : Sep 8, 2020 at 11:54

 

Leave a Reply

Your email address will not be published. Required fields are marked *