Friday , September 25 2020
শেহতীয়া খবৰ

ওপজা দিনত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৰক্ত দান:

গণ বার্তা, আমগুৰি ২৪ জুলাই : মৰিয়নি সমষ্টিৰ বিধায়ক যুৱনেতা ৰূপজ্যোতি কুর্মীক সততে দেখা যায় দৰিদ্ৰ জনগণৰ কাষত। মৃতকৰ সৎকাৰ কিম্বা চিকিৎসালয়ত মাত এষাৰ দিয়াৰ লগতে থিয় দিয়ে সমষ্টিৰ জনগণৰ দুখৰ সময়ত। উল্লেখযোগ্য যে বিধায়ক জনে বৰ্তমানলৈকে প্ৰায় পঞ্চাশ বাৰ ৰক্ত দান কৰি প্ৰাণ ৰক্ষা কৰিছে বহুজনৰ। আজি ৰূপজ্যোতি কুৰ্মীৰ ৪৩ তম জন্ম দিৱস উপলক্ষে পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিজৰ ৰক্ত দান কৰি মানৱ সমাজক ৰক্ত দানৰ প্ৰতি উৎসাহিত কৰে । ৰূপজ্যোতি কুৰ্মীৰ এনে সজ প্ৰচেষ্টাক ৰাইজে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *