শেহতীয়া খবৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ২৪ টা বন শিবিৰ জলমগ্নঃ ওখ ঠাইত  আশ্ৰয় লৈছে বন্যপ্ৰাণীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈঃ দৰং জিলা  আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা দৰঙৰ পূব প্ৰান্তৰ শিলবড়ীৰ নিকটৱৰ্তী ওৰাং ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াভাৱে বানপানীয়ে বিস্তীৰ্ণ এলেকা বুৰাই  পেলোৱাত উদ্যানখনৰ বন্যপ্ৰাণীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা মুষলধাৰ বৰষুণৰ ফলত জীয়া ধনশিৰি আৰু পাঁচনৈৰ লগতে ব্ৰহ্মপুত্ৰৰ সুঁতিসমূহ  ফেনে-ফোটোকাৰে বাঢ়ি আহে আৰু বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ  ৭০ শতাংশ অঞ্চল  বুৰাই পেলোৱাৰ ফলত উদ্যানখনৰ বন্যপ্ৰাণীসকলে প্ৰাণৰ তাড়নাত ওখ স্থান বিচাৰি আশ্ৰয় ল’বলগীয়া হৈছে । মাত্ৰ ত্ৰিশ শতাংশ ওখ স্থানত  আশ্ৰয় গ্ৰহণ কৰিছে বন্য জীৱ-জন্তুসমূহে। বন বিভাগৰ পৰা জানিব পৰা মতে উদ্যানখনৰ ৪০টা বন শিবিৰৰ ভিতৰত ২৪টা বন শিবিৰ সম্প্ৰতি পানীত বুৰ  গৈছে। পানীৰ তলত থকা শিবিৰসমূহ হৈছে ভৱপুৰ, গাছপাৰা, বেলচিৰি, ৰাউনী, গৰাভঙা, অল্ডগৰাভঙা, বনটাপু, কাঠগঢ়া, হাতীপোটা, মৰিশালি, পিছলা, টিনকোনা, হাজাৰিবাগ, গছাপাৰা, কাটিশালী আদি । উদ্যানখনৰ  ভিতৰুৱা পথসমূহ পানীত বুৰ যোৱাত পথসমূহ ভাগি-ছিগি গৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। উপায়হীন বনৰক্ষীয়ে নাও, হাতীৰে পহৰা দিবলৈ বাধ্য হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *