Sunday , September 20 2020
শেহতীয়া খবৰ

ক’ভিড-১৯ৰ ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰিব নোৱাৰিব হাইড্ৰ’ক্সীক্লৰ’কুইন- এইচ আই ভিৰ ঔষধ

বিশ্ব স্বাস্থ্য সংস্থাই  কোৰোনা ৰোগীৰ ওপৰত নিষিদ্ধ কৰিলে এই দুবিধ ঔষধৰ ব্যৱহাৰ

নতুন দিল্লী, ৫ জুলাই ঃ কোৰোনা ৰোগীৰ চিকিৎসাত এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব মেলেৰিয়া ৰোগৰ ঔষধ হাইড্ৰ’ক্সীক্লৰ’কুইন আৰু এইচ আই ভি ৰোগৰ ঔষধ ল’পিনেভিৰ আৰু  ৰিট’নাভিৰ। এই ঔষধ কোৰোনা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কালি ঘোষণা কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি মেলেৰিয়া আৰু এইচ আই ভি ৰোগৰ ঔষধে কোৰোনাত সংক্ৰমিত লোকৰ মৃত্যুৰ হাৰ ৰোধ কৰিবলৈ বিফল হৈছে। যাৰ বাবে তেওঁলোকে কোৰোনা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত মেলেৰিয়া আৰু এইচ আই ভিৰ ৰোগৰ এই ঔষধ ব্যৱহাৰ কৰাটো নিষিদ্ধ ঘোষণা কৰিছে। উল্লেখ্য যে ভাৰতৰ লগতে কে’বাখনো দেশে কোৰোনা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হাইড্ৰ’ক্সীক্লৰ’কুইন ব্যৱহাৰ কৰি আছে। কোৰোনা ৰোগৰ চিকিৎসাৰ কোনো ঔষধ অথবা ভেকচিন আৱিষ্কাৰ হৈ নুঠাৰ বাবে ক’ভিড-১৯ আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত মেলেৰিয়াকে ধৰি এইচ আই ভি ৰোগৰ ঔষধ ব্যৱহাৰ কৰি থকা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *