Home Popular কঠোৰ নিৰাপত্তাৰ মাজত বৰপেটা জিলাৰ ভোট গণনা

কঠোৰ নিৰাপত্তাৰ মাজত বৰপেটা জিলাৰ ভোট গণনা

135
0

গণনা কাৰ্যত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীৰ কোভিড পৰীক্ষা সম্পন্ন

বুলবুল হুছেইন,গৰেমাৰী, ১ নে : ২ মেত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। জিলা নিৰ্বাচন বিষয়া মুনীন্দ্ৰ শৰ্মা প্ৰমুখ্যে সকলো ৰিটাৰ্নিং বিষয়াৰ উপস্থিতিত ৩০ এপ্ৰিলত এই সম্পৰ্কত এটি আখৰাও অনুষ্ঠিত হয়। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত প্ৰতিটো সমষ্টিৰ বাবে ১৪ খনকৈ টেবুল থাকিব। এইবাৰ কোভিড নিয়ম মানি দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰতিটো সম‌ষ্টিৰ গণনা দুটাকৈ কক্ষত অনুষ্ঠিত হ’ব। একোটা কক্ষত সাতখনকৈ টেবুল স্থাপন কৰা হৈছে। প্ৰতিখন টেবুলত এজন ছুপাৰভাইজাৰ, এজন সহকাৰী আৰু এজন মাইক্ৰো অৱজাৰভাৰ থাকিব। সেই অনুসৰি গোটেই গণনা প্ৰক্ৰিয়াটোত প্ৰায় চাৰিশ বিষয়া কৰ্মচাৰী নিয়োজিত হৈছে। গোটেই প্ৰক্ৰিয়াটো পৰ্যবেক্ষণৰ বাবে ইতিমধ্যে নিৰ্বাচন পৰ্যবেক্ষক সকলো বৰপেটাত উপস্থিত হৈছে। তেওঁলোকৰ প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ২৭ ৰ পৰা ২৯ এপ্ৰিলৰ ভিতৰত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত সফলতাৰে সম্পন্ন হয়। জিলা জনসংযোগ বিষয়া গৰাকীয়ে জনোৱা মতে নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ভোট গণনাৰ কাৰ্যত নিয়োজিত সকলো বিষয়া -কৰ্মচাৰীৰ ৰেট আৰু আৰটিপিচিআৰ উভয় বিধ কোভিড পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে। আনকি নিৰ্বাচনী প্ৰাৰ্থী আৰু তেওঁলোকৰ দ্বাৰা নিয়োজিত এজেন্ট সকলৰো কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। কেৱল নিগেটিভ ৰূপে চিনাক্ত হোৱা এজেন্ট বা বিষয়া-কৰ্মচাৰীকহে ভোট গণনা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হব বুলি স্পষ্ট কৰি দিয়া হৈছে। আনকি গণনা কাৰ্যৰ বাতৰি প্ৰচাৰৰ বাবে যাবলগীয়া সাংবাদিক সকলৰো কোভিড পৰীক্ষাৰ কৰোৱা হৈছে। উল্লেখযোগ্য যে বৰপেটা জিলাৰ অধিকাংশ সাংবাদিককেই ইতিমধ্যে দুয়োপালি প্ৰতিষেধকো প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে বৰপেটা জিলাই প্ৰথম পদক্ষেপ গ্ৰহণ কৰি যোৱা ৬ এপ্ৰিলৰ ভোট গ্ৰহণৰ পূৰ্বেই নিৰ্বাচন আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সকলো সাংবাদিকক কৰোনাৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰাত নিৰ্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশে আন জিলাৰ তুলনাত বৰপেটা জিলাৰ সাংবাদিক সকলৰ বাবে বিশেষ আহুকালৰ সৃষ্টি কৰা দেখা নগ’ল। এই ক্ষেত্ৰত সাংবাদিক সকলৰ ব্যাপক সহাৰী পৰিলক্ষিত হয়। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ২ মেত সংশ্লিষ্ট সকলোকে কোভিড বিধি মানি ভোট গণনা কেন্দ্ৰত উপস্থিত থাকিবলৈ বিনম্ৰতাৰে আহ্বান জনাইছে। ইতিমধ্যে উপায়ুক্ত গৰাকীয়ে এক নিৰ্দেশ যোগে জিলাখনত সকলো ধৰণৰ বিজয় সমদল বা বিজয় উৎসৱ পালন কৰাটো নিষিদ্ধ ঘোষণা কৰিছে। তদুপৰি শান্তিপূৰ্ণ ভোট গণনাৰ স্বাৰ্থত কাইলৈৰ দিনটো সুৰা নিষিদ্ধ দিন হিচাপেও ঘোষণা কৰা হৈছে। আৰক্ষী বিভাগে ভোট গণনা কেন্দ্ৰ আৰু ইয়াৰ আশে-পাশে তিনি তৰপীয়া কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। ( প্ৰতিবেদক-বুলবুল হুছেইন, গৰেমাৰী )

LEAVE A REPLY

Please enter your comment!
Please enter your name here