Friday , September 25 2020
শেহতীয়া খবৰ

কভিডৰ বাবে গুৰুজনাৰ তিথিত নিমাওমাও পৰিবেশ যোৰহাটত

গণবাৰ্তা বিশেষ, যোৰহাট ২০ আগষ্ট : আজি মহাপুৰুষ  শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি ।  গুৰুজনাৰ পবিত্ৰ তিথিত ৰাজ্যৰ প্ৰতিটো নামঘৰৰ লগতে বিদ্যালয় মহাবিদ্যালয়তো উদযাপন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি ।  সমগ্ৰ ৰাজ্যতে কাঁহ খোল দবাৰ শব্দই ৰজনজনাই  আজিৰ দিনটোত ।  আজি ইয়াৰ ব্যতিক্ৰম হ’ল ।  আজি শংকৰদেৱৰ তিথিত নাই কোনো উল্লাস, নাই আনন্দ । কেৱল মাত্ৰ পৰম্পৰা ৰক্ষা কৰি নামঘৰ, বিভিন্ন অনুস্থানত দেখা পোৱা গ’ল হৰি নাম কীৰ্ত্তন । যোৰহাটৰ প্ৰায় এশ বছৰ পূৰ্বৰ পৰা পৰম্পৰাগত ভাৱে উদযাপন কৰি অহা চ’ক বজাৰ শংকৰদেৱৰ তিথি কাৰ্য্যসুচীত আজি নাছিল কোনো ব্যস্ততা । প্ৰতিটো বৰ্ষতে দিনযোৰা কাৰ্য্যসুচীৰে অনুস্থিত হৈ অহা গুৰুজনাৰ তিথিত এইবাৰ নাই কোনো বিশেষ কাৰ্য্যসুচী ।  উদযাপন সমিতিয়ে জানিব দিয়া মতে জিলা প্ৰশাসনৰ তৰফৰ পৰা দিয়া নীতি নিৰ্দেশনা অনুসৰি চাৰি পাঁচ জন ভকত বৈষ্ণৱ আহি কাৰ্য্যসুচীত নাম প্ৰসংগ, ঘোষা পাঠ কৰিয়েই পৰম্পৰা ৰক্ষা কৰা হৈছে ।  ইফালে বিদ্যালয় মহাবিদ্যালয় সমূহ বন্ধ হৈ থকাৰ বাবে অনুস্থিত কৰিব পৰা নগল গুৰুজনাৰ তিথি ।  আনহাতে জিলা খনৰ আন বিভিন্ন প্ৰান্তত গুৰুজনাৰ তিথি উদযাপন কৰা হৈছে যদিও চৰকাৰী নীতি নিৰ্দেশনা মানি মুখত মাক্স পিন্ধি আৰু সামাজিক দূৰত্ব বজাই ৰাখি কেৱল পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হ’ল ।

Leave a Reply

Your email address will not be published. Required fields are marked *