Home Main Stories কভিড আতংকৰ মাজতে চৰাইদেউৰ সাপেখাতীত ধুমুহা বতাহৰ তাণ্ডৱ : বহু পৰিয়াল গৃহহীন

কভিড আতংকৰ মাজতে চৰাইদেউৰ সাপেখাতীত ধুমুহা বতাহৰ তাণ্ডৱ : বহু পৰিয়াল গৃহহীন

33
0

গণ বাৰ্তা  ,সাপেখাতী ,৫মে :-চৰাইদেউ জিলাৰ সাপেখাতীৰ কেইবাখনো গাঁৱত ধুমুহাই এক বৃহৎ ক্ষতি সাধন কৰে । আজি দুপৰীয়া অহা প্ৰলয়ংকাৰী বতাহ- ধুমুহা বৰষুণে তচনচ কৰি পেলায় বৃহত্তৰ সাপেখাতী অঞ্চলৰ বহুকেইখন গাঁও৷ সাপেখাতী চাৰিআলি ,বালিখেতিয়া , পূৱ বালিখেটিয়া, পশ্চিম বালিখেতিয়া , বাৰেগাওঁ, উজনিকুৰী মৰাণহাবি , ভোগবাৰী গ্ৰেজিং বাঘমৰিয়ালআদিকে ধৰি কেইবাখনো গাঁওৰ প্ৰায় শতাধিক পৰিয়ালৰ বাসগৃহ , ব্ৰয়লাৰ ফাৰ্ম ,দোকান আদিৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে অঞ্চলটোৰ ঠায়ে ঠায়ে গছ-গছনি ভাঙি বিদুৎতৰ তাঁৰ আদি চিঙি পেলায় ৷ তৎক্ষণাত অহা ধুমুহাৰ ফলত কোনো লোক আঘাট হোৱা নাই যদিও বহুতৰে প্ৰয়োজনীয় সা-সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে ক্ষতিসাধন হোৱাৰ লগতে গৃহহীন হৈ পৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here