Sunday , September 20 2020
শেহতীয়া খবৰ

ক’ভিড ট্ৰিটমেন্টৰ নামত প্ৰকৃততে চলে কি : চিকিৎসা অবিহনে মৃত্যুৰ স’তে যুঁজিছে সেনা জোৱানে

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৪ আগষ্ট :   দেশৰ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত কভিদ পজিটিভ  শিৱসাগৰ দিখৌমুখৰ বিজিত দাস নামৰ এজন   সেনা জোৱানে অসম চিকিৎসা মহাবিদ্যালয়ত বিনা চিকিৎসাৰে চাৰিদিন ধৰি  মৃত্যুৰ স’তে যুঁজি থকাৰ তথ্য পোহৰলৈ আহিছে । ডিব্ৰুগড়ৰ ফুলবাগান সেনা চাউনিত থাকি কৰ্মৰত জোৱান জনৰ কভিড-১৯ পজিটিভ ধৰা পৰাত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হয়। চিকিৎসা মহাবিদ্যালয় খনৰ প্ৰথম মহলাৰ ১৭ নম্বৰ কেবিনত ভীষণ জ্বৰত কঁপি থকা সেনা জোৱান জনে জনাইছে যে, দিনটোত  মাত্ৰ দুবাৰ দেহৰ উত্তাপ চোৱা হয় যদিও নাই কোনো দৰব পাতি বা চিকিৎসাৰ নামত একো নাই। অতি পৰিতাপৰ বিষয় যে যি জন সেনা জোৱানে দেশৰ  সুৰক্ষাৰ হকে নিজৰ জীৱন উচৰ্গা কৰি নিজ দায়িত্ব পালন কৰি আহিছে তেনে এজন সেনা জোৱানে এতিয়া  চিকিৎসাৰ অভাৱত মৃত্যুৰ ক্ষণ গণিছে।  উল্লেখ্য যে, জোৱানজনৰ অত্যন্ত কাহ হোৱাৰ ফলত মুখেদি তেজ বাহিৰ হৈ থকা এই সংকতজনক অৱস্থাত  জোৱানজনৰ কাষত স্বাস্থ্যৰ বুজ ল’ বলৈ নাই কোনো ডাক্তৰ, নাই কোনো নাৰ্ছ। স্বাস্থ্যকৰ্মীৰ অবিহনে ৱাৰ্ডবয় বোৰকে ৰখীয়া থৈ ক’ভিড আক্ৰান্ত ৰোগীৰ কি চিকিৎসা চলাইছে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে? ক’ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ নামত প্ৰকৃততে কি চলিছে? এয়া এক ডাঙৰ প্ৰশ্ন সাধাৰণ জনতাৰ বাবে।
( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা। )

Leave a Reply

Your email address will not be published. Required fields are marked *