Home Main Stories ক’ভিড ভেকচিন লবলৈ বৰঝাৰ বিমান বন্দৰৰ কমিউনিটি হলত হেতাওপৰা

ক’ভিড ভেকচিন লবলৈ বৰঝাৰ বিমান বন্দৰৰ কমিউনিটি হলত হেতাওপৰা

79
0

গণবাৰ্তা : আজাৰা, ৭ মে : ক’ভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে শেহতীয়াকৈ ২ বজাত বজাৰ , কাৰ্যালয় বন্ধ কৰি ৬ বজাৰ পৰা সান্ধ্য আইন ঘোষণা কৰাৰ সমান্তৰালভাৱে ক’ভিড প্ৰতিৰোধৰ বাবে ভেকচিন বা টীকাকৰণ গ্ৰহণত অধিক গুৰুত্ব আৰোপ কৰিছে । আনহাতে দেশৰ আন ৰাজ্যৰ দৰে অসমতো সম্প্রতি প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে । ইফালে আন বহু অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ সহযোগত যোৱা ৫ মে’ৰ পৰা দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ পৰ্ব আৰম্ভ হৈছে । বিমান বন্দৰ চৌহদৰ কমিউনিটি হলত আৰম্ভ হোৱা এই টীকাকৰণ পৰ্বত ভাগ লবলৈ অহা লোকসকলে যি হেতাওপৰা কৰিছে তাক দেখি সচেতন নাগৰিক সকল চিন্তিত হৈ পৰিছে । কিয়নো কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি ভেকচিন লবলৈ বা টীকা গ্ৰহণ কৰিবলৈ কমিউনিটি হলত যেনে ধৰণৰ হেঁচা ঠেলা কৰিছে তাৰ দ্বাৰা ওলোটাই ক’ভিডৰ সংক্ৰমণৰ আকাংক্ষা ঘনীভূত হৈছে । যোৱাকালিৰ দৰে আজিও পুৱাৰ ভাগত বৰষুণক নেওচিও কমিউনিটি হলত একাংশ লোকে সামাজিক দূৰত্বৰ নীতি ভংগ কৰি যি ধৰণৰ ভীৰ কৰিছে সেয়া ক’ভিড প্ৰট’কল বিধিৰ পৰিপন্থী বুলি বিবেচিত হৈছে । অথচ সকলো দেখিও বিমান বন্দৰ কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ নকৰা বাবে একাংশ লোক বেপৰোৱা হৈ পৰিছে বুলি অভিযোগ উঠিছে । উল্লেখযোগ্য যে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষই প্ৰথম পৰ্যায়ৰ ভেকচিন পৰ্ব শেষ হোৱাৰ পাছত ৫ মে’ৰ পৰা কমিউনিটি হলত দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছে । এই পৰ্বত প্ৰথম ৰজা দৰে বিমান বন্দৰ প্ৰাধিকৰণৰ উপৰি বিমান পৰিবহন সেৱা কোম্পানী , বিমান সেৱাৰ সৈতে জড়িত সকলো বিষয়া – কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক সামৰি লোৱা হৈছে । ইতিমধ্যে এই পৰ্যন্ত ২,৫০০ জনৰো অধিক লোকে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি বিমান বন্দৰ প্ৰাধিকৰণৰ সূত্ৰত প্ৰকাশ । ( জীতুমণি, আজাৰা )

LEAVE A REPLY

Please enter your comment!
Please enter your name here