Wednesday , September 23 2020
শেহতীয়া খবৰ

কভিড যোদ্ধা ডা:অপূৰ্ব ৰাজকোঁৱৰৰ মৃত্যুত শোকস্তব্ধ ডিব্ৰুগড়

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৪ ছেপ্টেম্বৰ :  আজি কোনো চৰকাৰী বন্ধ নাই। অথচ ডিব্ৰুগড়ৰ সমগ্ৰ মিলন নগৰৰ দোকান পোহাৰ সকলো আপোনাআপুনি বন্ধ হৈ গ’ল। ডিব্ৰুগড়ত শোকৰ ছাঁ। কাৰণ নিৰন্তৰে কভিডৰ বিৰুদ্ধে লাগি থকা এজন কভিড যোদ্ধা ডা: অপূৰ্ব ৰাজকোঁৱৰ নিজেই আক্ৰান্ত হৈ অৱশেষত মৃত্যুক আঁকোৱালি লৈ শুই পৰিল। উল্লেখ্য যে, ডা: ৰাজকোঁৱৰ ডিব্ৰুগড় জিলাৰ লেজাই কলাখোৱা আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ৰূপে নিয়োজিত হৈ আছিল। চৰকাৰী চিকিৎসা সেৱা খণ্ডৰ সৈতে জড়িত হৈ ডাঃ ৰাজকোঁৱৰে বিগত সময়চোৱাত উৎসৰ্গিত মনোভাৱেৰে সমাজৰ সকলো স্তৰৰ লোকক চিকিৎসা সেৱা আগবঢ়াই আহিছিল।কেতিয়াবা ফোনযোগেও চিকিৎসকজনে বহু ৰোগীক চিকিৎসা প্ৰদান কৰিও মহানুভৱতা প্ৰদৰ্শন কৰি আহিছিল। ক’ভিড-১৯ প্ৰতিৰোধী যুঁজত ডা: ৰাজকোঁৱৰৰ অৱদান সমগ্ৰ ডিব্ৰুগড়বাসীয়ে চিৰদিন সুঁৱৰিব। এনে এগৰাকী চিকিৎসকৰ বিয়োগে ডিব্ৰুগড় জিলাখনৰ বাবেই অপূৰণীয় ক্ষতি কৰিলে। ডিব্ৰুগড়ৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান – প্ৰতিষ্ঠান, সাংবাদিক, চিকিৎসকে চিকিৎসকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰপৰাও উপায়ুক্ত পল্লৱ গোপাল ঝাই ডা: ৰাজকোঁৱৰৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

[ ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা ]

Leave a Reply

Your email address will not be published. Required fields are marked *