Wednesday , September 23 2020
শেহতীয়া খবৰ

কভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু গৃহৰক্ষী সন্থাৰ সভাপতিৰ ৷

গণ বাৰ্তা , সাপেখাতী,২৩ আগষ্ট :  তিনিচুকীয়াৰ নিবাসী তথা সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত তিনিচুকীয়া জিলা সমিতিৰ সভাপতি তপন বৰা (৪০) ৰ মৃত্যু ৷ যোৱা ১৮ তাৰিখে কভিডত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় ৷ তপন বৰাই ডিগৱৈ অইল ইণ্ডিয়াত গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল ৷ জিলা সমিতিৰ সভাপতি গৰাকীৰ মৃত্যুত সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু চৰাইদেউ প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাই বৰাৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *