Thursday , August 13 2020
শেহতীয়া খবৰ

ক’লকাতাৰ পৰা অহা যুৱতীক নিজ ৰাজ্য নগালেণ্ডত প্ৰৱেশ নিষিদ্ধ নগালেণ্ড প্ৰশাসনৰ

১৮ ঘন্টা অকলসৰে কটালে যুৱতীগৰাকীয়ে     
গণ বাৰ্তা, নকছাৰি : ক’লকাতাৰ দমদম বিমান বন্দৰত ব্যক্তিগত খণ্ডত কৰ্মৰত এগৰাকী যুৱতীয়ে বুধবাৰে বিমানযোগে যোৰহাটত উপস্থিত হোৱাৰ পিছত স্বাস্থ্যবিভাগে যাৱতীয় পৰীক্ষা যোৰহাট চুকাফা সমন্বয় ক্ষেত্ৰত সম্পন্ন  কৰাৰ পাছত যুৱতী গৰাকীয়ে এখন ব্যক্তিগত এম্বুলেঞ্চ যোগে মৰিয়নীৰ অসম নাগালেণ্ড সীমান্তৰ চুটাফলা গেটত নিশা  ১২ বজাত উপস্থিত হয় যদিও নাগালেণ্ডত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে নাগালেণ্ড আৰক্ষীয়ে৷ নিশাই পুনৰ অসমলৈ ওভতাই পঠোৱাত বিপদত পৰে যুৱতী গৰাকী।বিগত ১৮ ঘন্টা ধৰি এডোখৰ  ঠাইত অকলসৰীয়া কৈ উপায়বিহীন হৈ অসম নাগালেণ্ড সীমান্তৱৰ্ত্তী নিউসোনোৱাল খণ্ড বনবিষয়া কাৰ্যালয়ৰ সমীপৰ এজোপা গছৰ তলতেই ওৰেটো নিশা কটাবলৈ বাধ্য হয়।উল্লেখ্য যে স্থানীয় কিছু যুৱক আৰু কেইজনমান সাংবাদিকৰ তৎপৰতাত যুৱতী গৰাকীক পুনৰ নাগালেণ্ডৰ নিজা ঘৰলৈ পথাবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *