শেহতীয়া খবৰ

কলগাছিয়াত আৰক্ষীৰ বৰ্বৰ কাণ্ডঃ যুৱকক লাঠিৰে কোবাই মুৰত আঘাত

দৈনিক গণ অধিকাৰ, কলগাছিয়াঃ  কলগাছিয়াত আইন শৃংখলা ৰক্ষাৰ নামত আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ বৰ্বৰতা কাণ্ডক শিক্ষা সচেতন মহলে ধিক্কাৰ দিছে । লকডাউনৰ পহৰাত লাঠিৰে  নিৰহ ব্যক্তিৰ মূৰ ফালিলে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰজ্যোতি দাসৰ নেতৃত্বত কৰ্তব্যত নিয়োজিত চি আৰ পি এফ  জোৱানে ।
উল্লেখ্যযে, চৰকাৰে আৰক্ষী তথা আৰ্মী, চি আৰ পি সকলক আইন শৃংখলা ৰক্ষাৰ নামত নিয়োগ কৰিছে যদিও তেওঁলোকে ক্ষমতাৰ অপব্যাৱহাৰ কৰি নিৰহ ব্যক্তিক এইদৰে নিৰ্মম প্ৰহাৰ কৰি মূৰত লাঠিৰে কোবাই গুৰুতৰ ভাৱে আঘাত কৰাৰ লগতে শৰীৰৰ আন আন অংশতো মাৰপিট কৰে। কলগাছিয়াৰ দৰে এখন শান্তিপূৰ্ণ ঠাইত লকডাউনৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পালিত হোৱাৰ পিছতো আৰক্ষীয়ে লকডাউনৰ নামত  নিৰহ ব্যক্তিক এনেকৈ অত্যাচাৰ কৰা ঘটনাৰ তদন্তৰ জৰিয়তে   আৰক্ষী আৰু চি আৰ পি এফৰ বিৰুদ্ধে উচিত শাস্তিমূলক ব্যৱস্থা লবলৈ বিভিন্ন দল সংগঠনে দাবী জনাইছে। এইক্ষেত্ৰত অসম আৰক্ষী সঞ্চালকৰ উপৰিও বৰপেটা জিলা আৰক্ষী অধীক্ষকৰ দৃষ্টি গোচৰ কামনা কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভিন্ন পক্ষই দাবী জনাইছে।
উল্লেখযোগ্য যে আৰক্ষীয়ে মাৰপিট কৰা লোক দুজনে সম্পুৰ্ণৰূপে লকডাউন মানি মুখত মাক্স পিন্ধি কলগাছিয়াত বজাৰ কৰিবলৈ আহিছিল। আনহাতে লকডাউনৰ গইনা লৈ কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাষ্কৰজ্যোতি দাসে  ৰাইজক অনাহতক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে ।যিসময়ত চাৰিওফালে আৰক্ষীৰ লগত সৰ্বসাধাৰণ ৰাইজ সহযোগ কৰি লকডাউন কাৰ্যসূচী সফল কৰাৰ চেষ্টা অব্যাহত আছে ঠিক সেই সময়তে বৃহত্তৰ কলগাছিয়া অন্চলত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এনে মানসিকতাই সকলোৰে চকু কপালত তুলিছে। এইক্ষেত্ৰত অসম আৰক্ষী সঞ্চালকে বিষয়া গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে তাকে লৈ ৰাইজৰ মাজত চৰ্চা চলিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *