Friday , September 25 2020
শেহতীয়া খবৰ

কলম্বিয়াৰ ঐতিহাসিক মেড্যেলিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত কবিতা পাঠ কৰিলে অসম সন্তান দেৱাশীষে

গণবাৰ্তা বিশেষ, যোৰহাট, ২২ আগষ্ট  :  সাহিত্য চৰ্চাৰে অসমক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাবলৈ সক্ষম হোৱা যোৰহাটৰ সুযোগ্য সন্তান দেৱাশীষে পুনৰ এবাৰ জিলিকাইছে অসমৰ নাম| পূৰ্বতেও ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত অংশ গ্ৰহন কৰা দেৱাশীষে শেহতীয়াকৈ কলম্বিয়াৰ মেদ্যেলিনৰ ৩০ বছৰীয়া গৌৰৱময় ইতিহাসত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা দেৱাশীষ কনিষ্ঠতম ভাৰতীয় সাহিত্যক আৰু উত্তৰ-পূব ভাৰত তথা অসমৰ প্ৰথম সাহিত্যিক হিচাপে পৰিগনিত হৈছে| বিশ্বৰ সৰ্ববৃহৎ এই সাহিত্য সমাৰোহত ১০৩ খনতকৈয়ো অধিক দেশৰ ২০০ জন বাচকবনীয়া কবি-সাহিত্যিকে ৭০ দিনযোৰা ভাৰ্চুৱেল কাৰ্যসূচীত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ইন্টাৰনেচ্যনেল পয়েট্ৰি ফেষ্টেভেল অৱ মেড্যেলিন ২০০৬ বৰ্ষৰ ‘ৰাইট লিভলিহুড এৱাৰ্ড’ তথা অল্টাৰনেটিভ ন’বেল বটাৰে বিভূষিত হোৱা দেৱাশীষে পাঠ কৰা প্ৰথমটো কবিতা তেওঁৰ জন্মভূমি যোৰহাট চহৰৰ ওপৰত আধাৰিত। কবিতা পাঠৰ শেষত, দেৱাশীষৰ ব্যতিক্রমী প্ৰয়াস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ “পামৰু মন” বৰগীতটো পৰিবেশন কৰিবলৈয়ো ম্যেদেলিনৰ কৰ্তৃপক্ষই তেওঁক অনুৰোধ জনায়। বৰগীত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান তথা পাশ্চাত্য দৰ্শকক অসম তথা ভাৰতীয় আধ্যাত্মবাদৰ অৱদানৰ বিষয়েও গৌৰৱেৰে মন্তব্য আগবঢ়াই দেৱাশীষে। অসম তথা ভাৰতবৰ্ষৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু আধ্যাত্মিক দৰ্শনৰ শলাগ লয় ম্যেদেলিন কৰ্তৃপক্ষই।দেৱাশীষৰ কবিতা আৰু বক্তব্য স্পেনিছভাষী দৰ্শকৰ বাবে স্পেনিছ ভাষাত পাঠ কৰে চলচিত্র নিৰ্মাতা তথা সাহিত্যিক মিকা নিভলায়।উল্লেখযোগ্য যে ইন্টাৰনেচ্যনেল পয়েট্ৰি ফেষ্টিভেল অৱ মেড্যেলিনক পৃথিবীৰ অন্যতম সৰ্ববৃহৎ সাহিত্য সমাৰোহ হিচাপে গণ্য হৈ আহিছে বিশ্ব সাহিত্য জগতত। ১৯৯১ চনত ৩০ বছৰ আগতে যেতিয়া এই সমাৰোহ আৰম্ভ হৈছিল আৰু কলম্বিয়াক এখন আতংক বাদীৰ ঘাটি হিচাপে গণ্য কৰা হৈছিল।
বিখ্যাত টাইম আলোচনীয়ে কলম্বিয়াৰ ম্যেদেলিনক সেই সময়ত বিশ্বৰ সবাতোকৈ ভয়ানক চহৰ বুলি উল্লেখ কৰিছিল। সেই ম্যেদেলিনেই ২০১৩ চনত আৰবান লেন্ড ইনষ্টিটিউটৰ মতে পৃথিৱীৰ সবাতোকৈ সৃজনীমুখী চহৰলৈ পৰিগণিত হৈছিল। এই ঐতিহাসিক কবিতা সমাৰোহৰ উদ্যোগত বাট-পথ আৰু বিভিন্ন ৰাজহুৱা স্থানত কবিতা পাঠ আৰু সাহিত্য চৰ্চাৰ যোগেদি হিংসা আৰু আতংকবাদ আঁতৰাই জাগ্ৰত জনতাই কবিতা আৰু সাহিত্যৰ মাধ্যমত পুনৰ শান্তিৰ বাতাবৰণ ঘূৰাই অনাত সক্ষম হৈছিল। তাৰেই স্বীকৃতি স্বৰূপে ইন্টাৰনেচ্যনেল পয়েট্ৰি ফেষ্টিভেল অৱ মেড্যেলিনয়ে লাভ কৰিছিল ২০০৬ বৰ্ষৰ সন্মানীয় ৰাইট লিভলিহুড এৱাৰ্ড তথা অলটাৰ্নেটিভ ন’বেল বটা|এই সমাৰোহৰ পৰাই সময়ৰ সোঁতত জন্ম হৈছিল বিখ্যাত গালিভাৰ প্ৰজেক্ট আৰু বিশ্বৰ অন্যতম শক্তিশালী ৱৰ্ল্ড পয়েট্ৰি ম’ভমেন্ট | উল্লেখযোগ্য যে, দেৱাশীষ বৰ্তমান ৱৰ্ল্ড পয়েট্ৰি ম’ভমেন্টৰ (ডব্লিউ পি এম) ৰ এজন সক্ৰিয় সদস্য।

মেড্যেলিনৰ এই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহৰ ৩০ বছৰীয়া ইতিহাসত এইপৰ্য্যন্ত কেৱল ১৭ জন ভাৰতীয় কবি-সাহিত্যিকেহে অংশ গ্ৰহণ কৰিবলৈ আনুষ্ঠানিক ভাৱে আমন্ত্রিত হোৱাৰ সৌভাগ্য লাভ কৰিছে।তেওঁলোকৰ মাজৰে অন্যতম সাহিত্যিক সকল হ’ল : কে সচ্চিদানন্দন, কেকি এন দাৰুৱালা, অশোক বাজপেয়ী আৰু উষা আকেলা । পাল ম’লডুন আৰু চাৰ্লচ চিমিক ৰ দৰে পুলিৎজাৰ বঁটা বিজয়ী প্ৰখ্যাত সাহিত্যক, কেইবাজনো অল্টাৰনেটিভ ন’বেল বঁটা বিজয়ী আৰু অন্যান্য গণ্যমান্য সাহিত্যকৰ উপস্থিতিত এই বৰ্ষৰ গাম্ভীর্যপূৰ্ণ সমাৰোহৰ ভাৰ্চুৱেল প্লেটফৰ্মত উদ্বোধন কৰে এই ঐতিহাসিক সমাৰোহৰ প্ৰতিষ্ঠাপক ডাইৰেক্টৰ ফাৰ্নাণ্ডো ৰেণ্ডনে।

শেহতীয়াকৈ ‘ফাণ্ডামেন্টেল ৰাইট ট্যু ড্ৰীম ‘ শীর্ষক কবিতাৰ বাবে ইউৰোপৰ প্ৰখ্যাত “ইণ্ডিজা প্ৰ’ পয়েট ২০২০ ” আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত “ফেষ্টিভেল চাৰ্টাৰ ফৰ ইন্টাৰপ্ৰিটেচ্যন এৱাৰ্ড ” ৰে সন্মানিত হৈছিল দেৱাশীষ পৰাশৰ। দেৱাশীষে ইটালীৰ ঐতিসাহিক ইন্টাৰনেচ্যনেল পয়েট্ৰি ফেষ্টেভেল অৱ মিলানৰ উদ্যোগত অনুষ্ঠিত ইন্টাৰনেচ্যনেল চিভিল এণ্ড কন্টেম্প’ৰেৰী পয়েট্ৰী ফেষ্টিভেল অৱ দ্যা মেডিটেৰীয়ান, জাপানৰ ৱৰ্ল্ড হাইকু ফেষ্টিভেল ২০২০ তথা লণ্ডন ৱেলচ চেন্টাৰৰ উদ্যোগত আয়োজিত ড্যালান ডে প্ৰজেক্ট ২০২০ তো ভাৰতৰ একমাত্ৰ আমন্ত্ৰিত সাহিত্যক হিচাপে কবিতা পাঠ কৰিছে । ইতিমধ্যে বিশ্বৰ ৩২ টা বিদেশী ভাষাত প্ৰকাশিত হৈছে দেৱাশীষৰ কবিতা। তেওঁ সমান্তৰাল ভাৱে কবি, সাহিত্যিক, সংগীতজ্ঞ তথা আৰ্টিভিষ্ট হিচাপে বিভিন্ন দিশত কাম কৰি আছে। উল্লেখ্য যে, দেৱাশীষে দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যত অধ্যাপনা কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় জাৰ্নেল এডভেইটাম স্পীক্স লিটাৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *